ETV Bharat / state

মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন

author img

By

Published : Feb 11, 2021, 9:40 AM IST

মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰিলে ৰমাকান্ত দেউৰীয়ে
মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰিলে ৰমাকান্ত দেউৰীয়ে

মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন ৷ 6.2 কোটি আৰু 4.2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বেলগুৰি-জেৰেঙাগাঁও সংযোগী আৰু কৰাইবাৰী-জোৰগাঁও সংযোগী দলং দুখন ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰী ৷

মৰিগাঁও,11 ফেব্ৰুৱাৰী: বুধবাৰে মৰিগাঁও বিধানসভা সমষ্টিৰ এজাৰবাৰী বঘৰা জাগীভকতগাঁও গাঁও পঞ্চায়তত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ SOPD আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলগীয়া দলং দুখনৰ বাবে চৰকাৰে আৱণ্টন দিছে বৃহৎ পৰিমাণৰ ধন ৷ 6.2 কোটি আৰু 4.2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বেলগুৰি-জেৰেঙাগাঁও সংযোগী আৰু কৰাইবাৰী-জোৰগাঁও সংযোগী দলং দুখন ৷ দলং দুখনৰ আধাৰশিলা স্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে, স্বাধীনতাৰ 74 বছৰৰ পিছতো মৰিগাঁও সমষ্টিৰ প্ৰায় 33 খন গাঁৱৰ ৰাইজৰ বাবে কোনো এখন চৰকাৰে দলং নিৰ্মাণ নকৰিলে ৷ নিৰ্বাচনৰ পূৰ্বে দলং দুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷

মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন

লগতে বিধায়ক দেউৰীয়ে কয় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়া মতে দলং দুখনৰ কাম কৰিব পৰা গ'ল ৷ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক এই চেগতে ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ মহকুমা বিষয়া মৃণাল বৰা, প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈ আদি উপস্থিত থাকে ।

লগতে পঢ়ক: ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.