ETV Bharat / state

Public Protest at Mayang: যাদুৰ দেশত ৰাইজে নিবিচাৰে ইটাভাটা; লাগে পৰ্যটন উদ্যোগ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 8:18 PM IST

মায়ঙত ৰাইজৰ প্ৰতিবাদ ৷ ইটাভাটা স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ৷ ‘‘আমাক ধোঁৱা ওলোৱা উদ্যোগ নালাগে’’ আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

Public Protest at Mayang
মায়ঙত ধোঁৱা নালাগে নালাগে ইটাভাটা

মায়ঙত ধোঁৱা নালাগে নালাগে ইটাভাটা

মৰিগাঁও, 29 অক্টোবৰ : ইটাভাটা স্থাপনৰ বিৰুদ্ধে মায়ঙত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ৰাইজ ৷ ‘‘আমাক ধোঁৱা ওলোৱা উদ্যোগ নালাগে’’ আদি বিভিন্ন শ্লোগানৰে দেওবাৰে হাজাৰ হাজাৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ্য যে, জৈৱ-বৈচিত্ৰৰে ভৰপূৰ মায়ং অঞ্চলত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ইটাভাটা ৷

ইফালে পবিতৰা অভয়াৰণ্যৰ জীৱকুলৰ প্ৰতিও ভাবুকি হৈ পৰিছে ইটাভাটাসমূহ ৷ সেয়ে মায়ঙবাসীক লাগে পৰ্যটনৰ উদ্যোগ ৷ ‘‘আমাক ধোঁৱা ওলোৱা উদ্যোগ নালাগে’’ আদি বিভিন্ন দাবীৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

মায়ং-পবিতৰাৰ গৱেষক তথা প্ৰকৃতি প্ৰেমী ড৹ উৎপল কুমাৰ নাথে প্ৰতিবাদত অংশ গ্ৰহণ কৰি কয় যে, যিসকলে মায়ঙৰ দৰে জৈৱ-বৈচিত্ৰৰে ভৰপূৰ অঞ্চলত ইটাভাটা গঢ়ি তুলিছে সেইসকল ধনৱন্তলোক ৷ সেইসকল ধনৱন্তলোকে মায়ং আৰু পবিতৰা অভয়াৰণ্যৰে পৰিবেষ্টিত অঞ্চলত শৈক্ষিক প্ৰতিষ্ঠান, চিকিৎসা প্ৰতিষ্ঠান আৰু পৰ্যটনমুখী উদ্যোগ গঢ়ি তোলক ৷ তেতিয়া সকলোৱেই লাভান্বিত হ’ব ৷’’

তেওঁ লগতে কয় যে, ইটাভাটা স্থাপনৰ বিপৰীতে ধনৱন্তলোকে পৰ্যটন উদ্যোগ গঢ়ি তোলক ৷ কাৰণ জৈৱ বৈচিত্ৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বহু দেশী-বিদেশী পৰ্যটক আহে মায়ং আৰু পবিতৰালৈ ৷ কিন্তু অতি পৰিতাপৰ বিষয় ইয়াত এতিয়া ধোঁৱাহে দেখা যায় ৷ পৰ্যটকে ধোঁৱা চাবলৈ নাহে ৷ সেউজীয়া ধাননী চাবলৈহে আহে ৷

ইফালে মায়ঙৰ সতীভেটি কৃষি পথাৰত ইটাভাটা স্থাপনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে মায়ঙবাসীয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি বি বি এ নামৰ এটা কোম্পানীৰ ইটাভাটা স্থাপনৰ বাবে যাদুৰ দেশ মায়ঙৰ সতীভেটিৰ কৃষিভূমিত প্ৰস্তুতি চলাইছিল ৷ ফলত মায়ঙৰ সতীভেটি কৃষকক ক্ষতিগ্ৰস্ত কৰাৰ সমান্তৰালকৈ বিশ্ব বিশ্ৰুত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ জীৱকুলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব ৷

লগতে পঢ়ক: Pathetic incident in Morigaon: অসবৰ্ণ বিবাহৰ বাবে নশ্বৰদেহ ঘৰলৈ আনাত বাধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.