ETV Bharat / state

মৰিগাঁৱৰ বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবীত সংবাদ মেল

author img

By

Published : May 11, 2021, 7:32 AM IST

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ সংবাদ মেল সম্বোধন কৰি তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, উপ মুখ্য কাৰ্যবাহী সদস্য মদন বৰদলৈ,অধ্যক্ষ তুলসী বৰদলৈ ,উপাধ্যক্ষ অংকুৰ দেউৰীৰ নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা জ্ঞাপন কৰে।

AS_MRG_press-conference-demanding-ministerial-offer-to-morigaon-mla_vis_as10005
মৰিগাঁৱৰ বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবীত সংবাদ মেল

মৰিগাঁও, 11 মে': সোমবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ নেতৃত্বত এখন সংবাদ মেল সম্বোধন কৰি নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰক উষ্ম আদৰণি জনায় । তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদ মেলত ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ পৰিষদৰ সৰ্বাংগীন উন্নয়নৰ বাবে বছৰি দুশ কোটি টকা অৰ্থ সাহাৰ্য্য প্ৰদান কৰাৰ বাবে দাবী জনোৱাৰ লগতে, পৰিষদীয় এলেকাৰ জনগোষ্ঠীয় লোকসকলৰ ভূমি অধিকাৰ সন্দৰ্ভতো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায় ।

মৰিগাঁৱৰ বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবীত সংবাদ মেল

ইয়াৰোপৰি এই সংবাদমেলত মৰিগাঁৱৰ বিধায়কক মন্ত্ৰী সভাত অন্তভুৰ্ক্ত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে তিৱা ভাষা, কৃষ্টি-সংস্কৃতিৰ বিকাশৰ বাবে এশ গৰাকী তিৱা ভাষাৰ শিক্ষকক সময়মতে দৰমহা দিবলৈও আহ্বান জনাই মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.