ETV Bharat / state

Flood situation of Morigaon : মৰিগাঁও জিলা প্ৰশাসনলৈ নৌকা প্ৰদান

author img

By

Published : Jun 23, 2023, 7:26 AM IST

Boat donation program
জিলা উপায়ুক্ত কাৰ্যালয়ত নৌকা প্ৰদান কাৰ্যসূচী

ৰাজ্যৰ বানাক্ৰান্তৰ কাষত জাৰ্মানীৰ গেৰ্ডা হেংকেল ষ্টিফটুং ৷ ষ্টিফুটুঙৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কৰি উলিওৱা দুখনকৈ নাও মৰিগাঁও জিলা প্ৰশাসনক আগবঢ়ায় প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থা প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসে ৷

নৌকা প্ৰদান কাৰ্যসূচী

মৰিগাঁও, 23 জুন : কেইবাদিনো ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আগবাঢ়ি অহাৰ সময়তে বনাৰ্তৰ বাবে নাও আগবঢ়ালে ৰাজ্যৰ অন্যতম এটি প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থাই ৷ জাৰ্মানীৰ গেৰ্ডা হেংকেল ষ্টিফটুঙৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ কৰি উলিওৱা হৈছে নাও দুখন ৷ অসমৰ অন্যতম এটা প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থা প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ হৈ অধ্যাপিকা ড০ শীলা বৰাই মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে প্ৰদান কৰে এই নৌকা ৷

Boat donation program
জিলা উপায়ুক্ত কাৰ্যালয়ত নৌকা প্ৰদান কাৰ্যসূচী

মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন সভাত আনুষ্ঠানিকভাৱে নাও দুখন চমজি লয় জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰাই । বৃহস্পতিবাৰে নৌকা দুখন লাভ কৰাৰ পিছতেই উপায়ুক্ত দেৱাশীষ শৰ্মাৰ হৈ অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰাই ন্যাসৰ কৰ্মকৰ্তাসকলৰ লগতে অধ্যাপিকা ড৹ শীলা বৰাক মৰিগাঁও জিলা প্ৰশাসন তথা মৰিগাঁওবাসীলৈ দুখনকৈ নাও আগবঢ়োৱা কাৰ্যক শলাগ লয় ৷ লগতে, ৰাজ্যবাসীৰ দুৰ্যোগৰ সময়ত সাত সাগৰ তেৰ নদীৰ সিপাৰত থকাৰ পিছতো গেৰ্ডা হেংকেল ষ্টিফটুঙৰ পদক্ষেপক তথা ৰাজ্যবাসীলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কাৰ্যত ন্যাসৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোক্তাসকলে বিগত সময়চোৱাত ৰাজ্যখনৰ বিভিন্ন স্থানত ইতিহাস ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত বহু উল্লেখযোগ্য কাম কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰি আহিছে । এই সভাখনত উপস্থিত থাকে জিলাখনৰ তিনিগৰাকীকৈ অতিৰিক্ত উপায়ুক্ত, উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথ, ন্যাসৰ সদস্য মহেশ বৰা, সাংবাদিক নজৰুল ইছলামৰ লগতে বহু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : AJYCP Protest: মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.