ETV Bharat / state

মৃত্যুৰ পূৰ্ৱে নিজৰ সকলো অংগ বিক্ৰি কৰিব বিচাৰিছে অসহায় যুৱকে

author img

By

Published : Sep 17, 2020, 2:23 PM IST

মৰিগাঁৱৰ এটা অসহায় পৰিয়ালক প্ৰয়োজন সহায়ৰ হাত ৷ কৰ্কট ৰোগত আক্ৰান্ত পুত্ৰত সুস্থ কৰি তোলাৰ স্বাৰ্থত সম্প্ৰতি সৰ্বস্বান্ত তেওঁলোক ৷

প্ৰয়োজন সহায়ৰ
প্ৰয়োজন সহায়ৰ

মৰিগাঁও, 17 ছেপ্তেম্বৰ: পত্নী আৰু কণমানি কন্যাৰ বাবে এগৰাকী অসহায় লোকৰ বিশেষ ফেচবুক প'ষ্ট ৷ নিজৰ বৃক্ক আৰু চকু নিলাম কৰাৰ বিনিমত ধন বিচাৰি লোকগৰাকীয়ে ফেচবুকত এক দুখজনক প'ষ্ট কৰে ৷ উল্লেখ্য যে, লোকগৰাকী আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত ৷ পূৰ্বতে লোক গৰাকী কেঁচুমূৰীয়া আক্ৰান্ত হৈ আছিল যদিও সময়ৰ সোঁতত সেই ৰোগ কৰ্কট ৰোগ হিচাপে ধৰা পৰে ৷ পৰিয়ালৰ লোকে লোকগৰাকীক সুস্থ কৰি তোলাৰ বাবে যৎপৰোনাস্তি সংগ্ৰাম অব্যাহত ৰাখিছে যদিও, বিফল তেওঁলোক ৷ কিয়নো মৰিগাঁৱৰ বৰছলাৰ বাসিন্দা বিমান ডেকা নামৰ লোকগৰাকীৰ চিকিৎসাৰ নামত টকা খৰছ কৰি ইতিমধ্যে আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছে পৰিয়ালটো ৷ সম্প্ৰতি তেওঁৰ চিকিৎসাৰ বাবেও টকা নোহোৱা হৈছে পৰিয়ালৰ হাতত ৷

ফেচবুকত এক দুখজনক প'ষ্ট কৰে ভুক্তভোগী লোক গৰাকীয়ে
ফেচবুকত এক দুখজনক প'ষ্ট কৰে ভুক্তভোগী লোক গৰাকীয়ে

মাতৃ, পত্নী, কন্যাৰে ভৰা বিমানৰ পৰিয়ালটোক সম্প্ৰতি প্ৰয়োজন কিছু সহায় ৷ কিয়নো পৰ্যাপ্ত চিকিৎসা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো তেওঁলোক এতিয়া উপায়ন্তৰ হৈ পৰিছে ৷ অভাৱে জুৰুলা কৰিছে পৰিয়ালটোক ৷ যাৰ বাবে উপায়ন্তৰ বিমান ডেকাই এতিয়া অন্য নহ'লেও নিজৰ শৰীৰৰ অংগ সমূহ বিক্ৰী কৰি হ'লেও পৰিয়ালটোক আৰ্থিকভাৱে কিছু সকাহ প্ৰদানৰ উদ্দেশ্যৰে কাতৰ ভাষাৰে এক প'ষ্ট প্ৰেৰণ কৰে ফেচবুকযোগে ৷ খাবলৈয়ো অভাৱ হোৱা পৰিয়ালটোৱে সম্প্ৰতি বিচাৰিছে কাৰোবাৰ অলপ সহায়ৰ হাত ৷ অন্যথা চকুৰ আগতেই নিজ পুত্ৰ তথা পতিৰ ব্যথা দেখি অসহায় হৈ পৰিছে তেওঁলোক ৷ কিয়নো তেওঁলোৰ হাতত যে তাৰ বাহিৰে নাই অন্য কোনো উপায় ৷

মৰিগাঁৱৰ এটা অসহায় পৰিয়ালক প্ৰয়োজন সহায়ৰ হাত

লগতে পঢ়ক: জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.