MP Pradyut Bordoloi in Morigaon: মৰিগাঁৱত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

author img

By

Published : Jun 4, 2023, 7:17 AM IST

MP Pradyut Bordoloi on Electricity tariff hike

শনিবাৰে মৰিগাঁৱত উপস্থিত হয় সাংসদ প্ৰদ্যুত বৰদলৈ । প্ৰয়াত প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন বিধায়িকাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে । লগতে বৰ্ধিত বিদ্যুৎ মাচুল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদগৰাকীয়ে (MP Pradyut Bordoloi on Electricity tariff hike) ।

মৰিগাঁৱত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

মৰিগাঁও,৪ জুন: শনিবাৰে মৰিগাঁৱত উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ(MP Pradyut Bordoloi in Morigaon) । মৰিগাঁৱত উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী । প্ৰয়াত বিধায়িকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ কৰ্মজীৱনৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই সাংসদগৰাকীয়ে(Ex MLA Jonjonali Barua Death) ।

প্ৰয়াত জোনজোনালী বৰুৱাৰ পৰিয়ালক সমবেদনা জনাই সাংসদ গৰাকীয়ে । তেওঁ কয় যে, জোনজোনালী বৰুৱাৰ মৃত্যুত দলে এগৰাকী এগৰাকী নিষ্ঠাৱান নেত্ৰীক হেৰুৱালে । লগতে দলীয় নেতা কৰ্মীসকলক পৰিয়ালটোৰ দুখৰ সময়চোৱাত সকলো সময়তে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই সাংসদ প্ৰদ্যুত বৰদলৈয়ে (Electricity tariff hike in Assam) ।

লগতে পঢ়ক: Raijor Dal protest: মহিলা মল্লযুঁজাৰুসকলৰ সমৰ্থনত ৰাইজৰ দলৰ প্ৰতিবাদ

ইফালে জোনজোনালী বৰুৱাৰ দেহাৱসানৰ খবৰ ল'বলৈ আহি ৰাজ্যত বৃদ্ধি পোৱা শক্তি বিভাগৰ মাচুলৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছী সাংসদগৰাকীয়ে (MP Pradyut Bordoloi on Electricity tariff hike)। বৰ্ধিত বিদ্যুত মাচুলৰ যোগেদি বৰ্তমান চৰকাৰখনে সাধাৰণ জনতাক মাধমাৰ শোধাছে বুলি অভিযোগ উত্থাপন কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।

তেওঁ লগতে কয় যে, চৰকাৰে বিদ্যুৎ উৎপাদন, বিতৰণ আদি বৃদ্ধি কৰিব লাগে (Increase in electricity charges in Assam) । লগতে বৰ্ধিত বিদ্যুৎ মাচুলৰ বৃদ্ধিৰ সন্দৰ্ভত অসমৰ পূৰ্বৰ শক্তিমন্ত্ৰী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, পূৰ্বতেও বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলগীয়া পৰিস্থিতিত জনতাক হাৰাশাস্তি কৰা হোৱা নাছিল(Power tariff hike in Assam) ।

উল্লেখ্য যে, ৰাজ্যত ক্ৰমবৰ্ধিত হাৰত বৃদ্ধি পাই আহিছে বিদ্যুৎ মাচুল ৷ লোকচানৰ দোহাই দি APDCL কৰ্তৃপক্ষই নিজ খেয়াল খুচিমতে বৃদ্ধি কৰি অহা পৰিলক্ষিত হৈছে বিদ্যুৎ নিৰিখ ৷ এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত এক ৰাজহুৱা শুনানি অনুষ্ঠিত হৈছ মঙলবাৰে ৷

লগতে পঢ়ক: Guwahati water supply: আগন্তুক তিনি দিনলৈ গুৱাহাটীৰ ৰাইজে নাপাব পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.