ETV Bharat / state

ধৰমতুলত প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Jul 14, 2021, 10:56 PM IST

মৰিগাঁৱৰ দক্ষিণ ধৰমতুল গাঁৱত প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pradyut Bardoloi) ৷ বুধবাৰে দক্ষিণ ধৰমতুলৰ মানৱ অংগ সৰবৰাহৰ (Organ Smuggling) ঘটনা বুজ ল’বলৈ গৈছিল সাংসদগৰাকী ৷

Mp Pradyut Bardalai faces protest in Dharamtul, Morigaon District
ধৰমতুলত প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ

মৰিগাঁও, 14 জুলাই : মানৱ দেহৰ অংগ সৰবৰাহৰ (Organ Smuggling) নীলাম বজাৰৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে বুধবাৰে ভুক্তভোগী পৰিয়াল কেইটাৰ সৈতে মত বিনিময় কৰা উদ্দেশ্যে দক্ষিণ ধৰমতুলত উপস্থিত হয় নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pradyut Bardoloi)। পৰিয়ালকেইটাৰ সৈতে হোৱা আলোচনাৰ অন্তত মানৱ দেহৰ অংগ সৰবৰাহত জড়িত সকলো দালালক গ্ৰেপ্তাৰ কৰা হ'ব বুলি স্থানীয় লোকসকলক আশ্বাস প্ৰদান কৰে সাংসদ গৰাকীয়ে । কিন্তু ইয়াৰ মাজতে একাংশ বিজেপি কৰ্মীয়ে এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা বুলি অভিযোগ উঠিছে ৷

Mp Pradyut Bardalai faces protest in Dharamtul, Morigaon District
ধৰমতুলত প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ

সমগ্ৰ অসমবাসীক আচম্বিত কৰি মৰিগাঁৱৰ দক্ষিণ ধৰমতুলৰ গাঁৱত এটা দুষ্টচক্ৰই চলাই আহিছিল বছৰ বছৰ ধৰি অবধৈ মানৱ অংগৰ কলা বেহা (Organ Smuggling)। উক্ত ঘটনাটোৰ বিৰুদ্ধে ইতিমধ্যে কংগ্ৰেছ, ৰাইজৰ দলকে আদি কৰি বিভিন্ন জাতীয় দল সংগঠন গৰজি উঠিছে ৷ ইয়াৰ মাজতে বুধবাৰে দক্ষিণ ধৰমতুলৰ পৰিস্থিতিৰ বুজ লয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bardoloi) ।

মনকৰিবলগীয়া যে, সাংসদ গৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি থকাৰ অৱস্থাতে কিছু সংখ্যক বিজেপি (BJP) কৰ্মীয়ে কথা কোৱাত বাধা প্ৰদানৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে কংগ্ৰেছৰ সদস্য সকলে ৷ পৰিস্থিতি উত্তপ্ত হোৱাত ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ততালিকে ঘটনাস্থলীত মৰিগাঁৱৰ নেলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

Mp Pradyut Bardalai faces protest in Dharamtul, Morigaon District
ধৰমতুলত প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ

অৱশ্যে আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ ইফালে শাসক বিৰোধী উভয় পক্ষই মানৱ দেহৰ অংগ ব্যৱসায়ত জড়িত সকলো অপৰাধীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী তোলে। স্থানীয় ৰাইজক এই দুষ্টচক্ৰৰ পৰা পৰৱৰ্তী সময়ত যি কোনো উপায়েৰে উদ্ধাৰ কৰাৰ লগতে কলিকতাতো যি সকল লোকে এই দুষ্কাৰ্য চলাই আছে তেওঁলোকৰ বিৰুদ্ধেও উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক-অৱনমিত বিধানসভাৰ মৰ্যাদা : অধ্যক্ষ-বিধায়কৰ ভূমিকাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.