ETV Bharat / state

Jihadi linkmen arrested in Morigaon: মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল

author img

By

Published : Jul 28, 2022, 5:02 PM IST

Updated : Jul 29, 2022, 4:43 PM IST

বৰপেটাত 7 টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ(7 Jihadi arrested in Barpeta) পাছতেই আৰক্ষীয়ে মৰিগাঁও জিলাৰ পৰা জেহাদীৰ লিংকমেনৰ সন্দেহত এটাক গ্ৰেপ্তাৰ কৰে ৷ জেহাদীৰ লিংকমেনটো মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়া গাঁৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফা বুলি জানিব পৰা হৈছে ৷

Jihadi linkmen arrested at Morigaon
মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন

মৰিগাঁও, 28 জুলাই : বৰপেটা আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই 7 টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰে(7 Jihadi arrested in Barpeta) ৷ জেহাদীকেইটাক গ্ৰেপ্তাৰৰ পাছত মৰিগাঁও জিলা আৰক্ষীয়ে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়া গাঁৱৰ জমিউল হুদা নামৰ মাদ্ৰাছাখনত অভিযান (Madrassa sealed in Morigaon)চলাই মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰে ৷

মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন

মুফতি মুস্তাফাক আটক কৰাৰ পাছতেই মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি ঘটনা সন্দৰ্ভত সদৰি কৰে । আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে জানিবলৈ দিয়া অনুসৰি, জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ সন্দেহত মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

Jihadi linkmen arrested at Morigaon
মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন

মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্য লাভ কৰা হৈছিল(Police arrested Madrasa head Mufti Mustafa) ৷ আৰক্ষীয়ে মুফতিৰ বেংকৰ পাচবুকৰ লগতে ম'বাইল ফোনো জব্দ কৰিছে ৷ আৰক্ষীয়ে মাদ্ৰাছাৰ ছয়গৰাকী শিক্ষকৰ লগতে এগৰাকী শিক্ষয়ত্ৰীক আটক কৰি মৈৰাবাৰী থানাত সোধপোচ অব্যাহত ৰাখিছে ।

জানিব পৰা মতে, পূৰ্বেও মাদ্ৰাছাখন জেহাদী সংগঠনৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকে(Jihadi activities from madrasa in Morigaon) ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা অনুসৰি 2018 চনত চহৰীয়া গাঁৱত কৰা হৈছিল মাদ্ৰাছাখন ৷ ইতিমধ্যে মাদ্ৰাছাখনত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে, মোতায়ন কৰা হৈছে আৰক্ষী ৷ মুফতি মুস্তাফাক মৰিগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । মৰিগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 156/22 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক : Jihadi arrested at Barpeta: ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া জাকিৰ হুছেইন শিকদাৰৰ

Last Updated :Jul 29, 2022, 4:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.