ETV Bharat / state

Jihadi arrested at Barpeta: ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া জাকিৰ হুছেইন শিকদাৰৰ

author img

By

Published : Jul 28, 2022, 4:08 PM IST

Jakir Hussain Sikdar reaction on Jihadi arrested at Barpeta
ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া জাকিৰ হুছেইন শিকদাৰৰ

বৰপেটাত গ্ৰেপ্তাৰ 7 টাকৈ জেহাদী (7 Jihadi arrested in Barpeta) ৷ জেহাদীকেইটাক গ্ৰেপ্তাৰৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷ বিজেপিয়ে ৭ বছৰ শাসন চলোৱাৰ পিচতো জেহাদীৰ ঘাটি কিয় চলি আছে বুলি প্ৰশ্ন কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ ৷

বৰপেটা, ২৮ জুলাই : বৰপেটাত ৭ জেহাদী গ্ৰেপ্তাৰক লৈ সৰুক্ষেত্ৰীৰ বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে(Assam Congress working president Zakir Hussain Sikdar) প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে জেহাদী কাৰ্যকলাপৰ বাবে ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া কৰিছে ৷ ৰাজ্যত বিজেপিয়ে ৭ বছৰ শাসন চলোৱাৰ পিচতো ৭ বছৰে জেহাদীৰ ঘাটি কিয় চলি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে(Jakir Hussain Sikdar reaction on Jihadi arrested at Barpeta) ৷

জাকিৰ হুছেইন শিকদাৰ

বৰপেটা আৰক্ষীয়ে বৃহস্পতিবাৰে 7 টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰে(7 Jihadi arrested in Barpeta) ৷ ধৃত জেহাদীকেইটা ক্ৰমে মইনুহ হক, আমিদুল ইছলাম, ৰফিকুল ইছলাম, ছাহজাহান আলী, কাজিবুৰ হুছেইন, ছাহানুৰ আৰু জুবেৰ খান বুলি জানিব পৰা হৈছে ৷ বৰপেটাৰ জনীয়াৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মইনুহ, ৰফিকুল, ছাহজাহান আৰু কাজিবুৰক ৷ আনহাতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুবেৰ খান নামৰ জেহাদীটোক ৷

মহানগৰীৰ হাতীগাঁৱৰ পৰাও বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহানুৰ নামৰ জেহাদীটোক ৷ বাংলাদেশৰ আনচাৰুল পৰা জেহাদীকেইটা অহা বুলি জানিবলৈ দিয়ে বৰপেটা আৰক্ষীয়ে ৷ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে জেহাদীৰ ঘাটি উচ্ছেদ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ শাসনত কিয় জেহাদীৰ ঘাটি উচ্ছেদ কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰে ৷ অসমত চলি থকা জেহাদীৰ ঘাটি উচ্ছেদৰ বাবে চৰকাৰ তথা আৰক্ষীক আহ্বান জনায় সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷

লগতে পঢ়ক : বৰপেটাত 7 জেহাদীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.