ETV Bharat / state

কৃত্ৰিম বান ৰোধৰ বাবে মৰিগাঁও পৌৰসভাৰ পদক্ষেপ

author img

By

Published : Feb 9, 2021, 3:57 PM IST

মৰিগাঁৱত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ ৷ সোমবাৰে অসম চৰকাৰৰ SOPD আঁচনিৰ জৰিয়তে নলা নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ ফলত চহৰৰ ব্যৱসায়ীসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

morigaon-municipality-initiative-for-flood
কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ মৰিগাঁও পৌৰসভাৰ

মৰিগাঁও,9 ফেব্ৰুৱাৰী: এতিয়াৰে পৰা আৰু মৰিগাঁৱত কৃত্ৰিম বানক কেন্দ্ৰ কৰি কোনোধৰণৰ সমস্যা নাথাকে ৷ সু-পৰিকল্পিতভাৱে মৰিগাঁও পৌৰসভাৰ পানী নিষ্কাষণৰ বাবে চহৰৰ সমান্তৰালভাৱে দৈনিক বজাৰতো নলা নিৰ্মাণ কৰা হৈছে ৷ এইক্ষেত্ৰত যথেষ্ট তৎপৰতাৰে উদ্যোগ গ্ৰহণ কৰিছে জিলা উপায়ুক্ত লীনা দাসে ৷ অসম চৰকাৰৰ SOPD আঁচনিৰ জৰিয়তে নলা নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি প্ৰকাশ কৰে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱযানী চৌধুৰীয়ে ৷

কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ মৰিগাঁও পৌৰসভাৰ

উল্লেখ্য যে, বিগত বহু বছৰ ধৰি কৃত্ৰিম বানৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছিল মৰিগাঁও চহৰৰ লগতে পৌৰসভাৰ দৈনিক বজাৰৰ ব্যৱসায়ীসকল ৷ তদুপৰি এজাক সামান্য বৰষুণতে বুৰ গৈছিল দৈনিক বজাৰৰ 80 শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত এই সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰি আহিছিল সংবাদ মাধ্যমে ৷ তাৰে ফলস্বৰূপে এইদৰে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰি সমস্যা সমাধানৰ চেষ্টা চলাইছে জিলা প্ৰশাসনে ৷

লগতে পঢ়কঃ কোকৰাঝাৰত পুনৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.