ETV Bharat / state

মৰিগাঁৱত কংগ্ৰেছৰ বিশাল সমাৱেশ

author img

By

Published : Jan 30, 2021, 8:28 AM IST

Updated : Jan 30, 2021, 10:03 AM IST

মৰিগাঁৱত কংগ্ৰেছৰ সমাৱেশ ৷ এই সমাৱেশত উপস্থিত থাকিব নগাঁও 10নং লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ,কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ হাইকামাণ্ড সকল ৷ দিনৰ 11বজাত অনুষ্ঠিত হ'ব সমাৱেশখন ৷

মৰিগাঁৱত কংগ্ৰেছৰ বিশাল সমাৱেশ
মৰিগাঁৱত কংগ্ৰেছৰ বিশাল সমাৱেশ

মৰিগাঁও, 30 জানুৱাৰী: ৰাজ্যত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক নেতা,দল-সংগঠন সকলোৱে ৰাজ্যত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ ৷ এই উদ্দেশ্যৰেই আজি দিনৰ 11 বজাত মৰিগাঁৱত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ এখন বিশাল সমাৱেশ ৷ এই সমাৱেশত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতাসকল,নগাঁও 10নং লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ,কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ হাইকামাণ্ড সকল ৷ প্ৰায় 15 হাজাৰ কংগ্ৰেছ সমৰ্থকৰ উপস্থিতিত আজি অনুষ্ঠিত হ'ব এই সমাৱেশ খন ৷ জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত আয়োজন কৰা এই বিশাল গণ সমেৱেশত শাসকীয় বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি সমূহ ৰাইজৰ আগত উদঙাই দিয়া হ'ব বুলি সংবাদমেলযোগে উল্লেখ কৰে মৰিগাঁও জিলা সমিতিৰ মুখপাত্ৰ শশীমোহন বিশ্বাসে ৷

মৰিগাঁৱত কংগ্ৰেছৰ বিশাল সমাৱেশ

অন্য এক খবৰৰ বাবে: কোকৰাঝাৰত 13টা গৰু সহ আটক দুজন

Last Updated : Jan 30, 2021, 10:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.