ETV Bharat / state

পৰম্পৰাগতভাৱে আৰম্ভ হ'ল ব'ল বম

author img

By

Published : Jul 22, 2019, 4:05 PM IST

ভগৱান শিৱক আৰাধানা কৰাৰ উদ্দেশ্যে শাওণ মাহত ব'ল বম পালন কৰে ভক্তসকলে ৷ শাওণ মাহৰ প্ৰাথমটো পূৰ্ণিমাৰ দিনা মহানগৰীৰ বশিষ্ঠ আশ্ৰমতো এমাহ জোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় ব'লবম। পৰম্পৰা আছে যে শাওন মাহত দেৱাদিদেৱ মহাদেৱৰ জন্ম মাহ । মহাদেৱৰ জন্ম মাহতে হিন্দু পৰম্পৰা অনুযায়ী আয়োজন কৰা হয় এই ব'লবমৰ ।

পৰম্পৰাগতভাৱে আৰম্ভ হ'ল ব'লবম

মৰিগাঁও,জুলাই 22 : শাওণ মাহ আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হয় ব'লবম ৷ ভগৱান শিৱক আৰাধানা কৰাৰ উদ্দেশ্যে শাওণ মাহত ব'লবম পালন কৰে ভক্তসকলে ৷ গেৰুৱা বসন পৰিধান কৰি শিৱ বন্দনাৰে দূৰণিৰ ঘাটৰ পৰা পানী আনি ভক্তসকলে শাওণৰ প্ৰতিটো সোমবাৰে পুৱা শিৱ লিংগত ঢালি পূজা-অৰ্চনা কৰে ৷ দেৱাদিদেৱ মহাদেৱৰ চৰণ শৰণ লৈ ভক্তসকলে মনোবাঞ্চা পূৰণৰ হকে সেৱা আগবঢ়োৱ দেখা যায় ৷

পৰম্পৰাগতভাৱে আৰম্ভ হ'ল ব'লবম

দেশৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো দেখা গৈছে ব'লবমৰ ব্যস্ততা ৷ বানে মৰিগাঁৱতো প্ৰভাৱিত কৰিছে যদিও তাৰ মাজতেই অধিৰ উচাহেৰে ওলাই আহিছে ভক্তসকল ৷ বস্ত্ৰ বিপণী সমূহো ভৰি পৰিছে ব'লবম বাবে বিশেষভাৱে নিৰ্মিত মহাদেৱৰ ছবি সম্বলিত পেণ্ট,কামিজ,মোনা,আদিৰে ৷ কোনোৱে যদি জঁটা পিন্ধি জঁটাধাৰীৰ ৰূপ লৈছে কোনোৱে আকৌ ব'লবমৰ গীতৰ তালে তালে নৃত্য কৰি মতলীয়া হৈ পৰিছে ৷ বিভিন্ন বাহনেৰে মৰিগাঁৱৰ সাত গাঁৱৰ যুৱকসকলে জাগীৰোড নিজৰা পাৰৰ পৰা পানী তুলি শিৱ মন্দিৰত পূজা আগবঢ়াই ৷ ইয়াৰ লগতে ভক্তসকলে ব'লবমৰ নামত যাতে কোনেও উশৃংখলতাৰ সৃষ্টি নকৰে তাৰ বাবে আহ্বান জনাই ৷

আনহাতে,শাওণ মাহৰ প্ৰাথমটো পূৰ্ণিমাৰ দিনা মহানগৰীৰ বশিষ্ঠ আশ্ৰমতো এমাহ জোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় ব'লবম । পৰম্পৰা আছে যে শাওন মাহত দেৱাদিদেৱ মহাদেৱৰ জন্ম মাহ । মহাদেৱৰ জন্ম মাহতে হিন্দু পৰম্পৰা অনুযায়ী আয়োজন কৰা হয় এই ব'লবমৰ। এইবাৰ ব'লবমত কোনো ভক্তপ্ৰাণ ৰাইজে বশিষ্ঠ মন্দিৰ প্ৰাংগণত সেৱন কৰিব নোৱাৰিব নিচাজাতীয় পদাৰ্থ । লগতে প্লাষ্টিক মুক্ত ব'লবম পালন কৰা হব এইবাৰ বশিষ্ঠ মন্দিৰ প্ৰাংগণত।

Intro:আৰম্ভ হল পৰম্পৰাগত বলবম । পৰম শিৱভক্তৰ ৰূপত দলে দলে যুৱক । গেৰুৱা বেশভূশা,কেশবিন্যাসে নাচি বাগি মতলীয়া শিৱভক্ত। শিৱ শংকৰৰ বন্দনাৰে মুখৰিত মৰিগাঁও আকাশ বতাহ। এই সন্দৰ্ভত মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ এক বিশেষ প্ৰতিবেদন।


Body: দেৱাদিদেৱ মহাদেৱ আশীষ বিচাৰি শিৱভক্তৰ বলবম যাত্ৰা আৰম্ভ। সজাই তোলা হৈছে শিৱথান,মন্দিৰৰ।বিবাৰৰ পৰা দেশত আৰম্ভ হল বলবম। দেশৰ ভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁতো উলহ মালহ পৰিবেশ। বসস্তৰ বিপনীত কেৱল গেৰুৱা বসন। মহাদেৱ ছবি সম্বলিত পেণ্ট,কামিজ,মোনা,ঝাণ্ডি, গ্ৰাহকৰ অপ্ৰেক্ষাৰত ব্যৱসায়ী। বানপানীৰ বাবে এইবাৰ এই ব্যৱসায় মন্দা। তথাপিও হৰদেৱ সাজপাৰ সজাই ৰখাইছে ব্যৱসায়ী য়ে। byte: businessman আনহাতে এই দৃশ্য লৈ মনকৰক। শিৱ তথা জটাধৰৰ বেশভূশা পৰিধান কৰি আহিছে আন কোনোবাজনে আকৌ নীলকণ্ঠ হৈ এনেদৰে বলবমৰ গীতৰ তালে তালে নৃত্য কৰি মতলীয়া শিৱভক্ত যুৱকৰ। মুঠতে এফালে যদি উচ্চ স্বৰত কাউৰীৱালা গীত বাজিছে আনফালে আকৌ ৰঙীন আলোকৰ ইন্দ্ৰজাল। এক কুহেলিকাময় পৰিবেশত কোনোবা জন যুৱ কিশোৰ যদি নৃত্যৰত ,কোনোজন আকৌ বাবা প্ৰসাদ অকণ ধৰিছে। সেয়ে হলেও মৰিগাঁও সাত গাঁৱৰ পৰা তিনিখন লঘুবাহনেৰে জাগীৰোড নিজৰা পাৰৰ পৰা পানী তুলি কাইলৈ মৰিগাঁও শিৱমন্দিৰত পাৰ্বতী পতিৰ শিৰত পানী ঢালি প্ৰায় দুকুৰি শিৱ ভক্ত ই বাবাৰ পৰা কুশলে থকাৰ আশীৰ্বাদ বিচাৰিব।byte:devotee.1 মনকৰিবলগীয়া যে মৰিগাঁও সাতগাঁৱৰ ভোলাভক্ত যুৱ ভক্তৰ আহবান বলবমৰ নামত যাতে কোনে ও যুৱ উচৃংঙ্খলতাৰ সৃষ্টি নকৰে।byte:devotee. 2


Conclusion:ratul deka, etv Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.