ETV Bharat / state

আন্তঃৰাজ্যিক পাৰপত্ৰ আৰু কা বাতিলৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ

author img

By

Published : Nov 4, 2020, 7:50 AM IST

মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ । চাৰি দফীয়া দাবী পূৰণৰ বাবে স্মাৰক পত্ৰ প্ৰদান ।

আন্তঃৰাজ্যিক পাৰপত্ৰ আৰু কা বাতিলৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ
আন্তঃৰাজ্যিক পাৰপত্ৰ আৰু কা বাতিলৰ দাবীৰে মৰিগাঁৱত প্ৰতিবাদ

মৰিগাঁও,4 নৱেম্বৰ : ৰাজ্যত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তন,নাগৰিকত্ব সংশোধনী আইন বাতিল, ইআইএ বাতিল আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত উত্তাল কৰি মৰিগাঁৱৰ পৰিৱেশ । মৰিগাঁও বিহুতলী প্ৰাংগণত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ শীঘ্ৰে চৰকাৰক এইসমূহ দাবী পূৰণৰ বাবে দাবী জনায় সংগঠনটোৱে । চৰকাৰে শীঘ্ৰে ছাত্ৰ সংগঠনৰ দাবী পূৰণ নকৰিলে আগন্তুক দিনত আন্দোলন অধিক তীব্ৰতৰ কৰি তোলা সকীয়নি প্ৰদান কৰে । মৰিগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.