ETV Bharat / state

Independence day 2023: মৰিগাঁৱত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

author img

By

Published : Aug 15, 2023, 4:07 PM IST

দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলা প্ৰশাসন উদ্যোগত আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস ।

Independence Day celebrate in Morigaon
মৰিগাঁৱত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

মৰিগাঁৱত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

মৰিগাঁও,১৫ আগষ্ট: দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰিগাঁৱতো উলহ-মালহৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন । ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰ, তিৱা স্বায়ত্ত পৰিষদ, জিলা মিডিয়া ক্লাৱ মৰিগাঁও, মৰিগাঁও জাতীয় বিদ্যালয় আদিত পৰম্পৰাগত সাজ পৰিধান কৰি উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা ।

ইয়াৰ অংশ ৰূপে তিৱা স্বায়ত্তশাসিত পৰিষদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । পতাকা উত্তোলন কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ বীৰংগণাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ‌ তাৎপৰ্য বাখ্যা কৰে ।আনহাতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস । মৰিগাঁও জিলা আয়ুক্তই পতাকা উত্তোলন কৰি দিয়া ভাষণত ১৯৪২ স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া বীৰ বীৰংগণাসকলক সোঁৰৱণ কৰি দেশ মাতৃৰ নামত নিজৰ প্ৰাণ বিসৰ্জন দিয়াসকল সকলোৰে বাবে আদৰ্শ হোৱা উচিত বুলি মন্তব্য আগবঢ়াই ।

একেদৰে পতাকা উত্তোলক জিলা আয়ুক্তগৰাকীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগত মৰিগাঁও জিলাত ৰূপায়ণ হোৱা বিভিন্ন উন্নয়নমূলক আঁচনি এক দীঘলীয়া খতিয়ান দাঙি ধৰি স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত মৰিগাঁওবাসীৰ সহযোগিতা আৰু স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে সকলোটিকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইয়াৰ পিছতে অনুষ্ঠিত হয় সাংস্কৃতিক আৰু পুৰস্কাৰ প্ৰদান অনুষ্ঠান । বিশেষকৈ স্বাধীনতা পেৰেড গ্ৰাউণ্ডত অংশগ্ৰহণ কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ দল আৰু বিশেষভাৱে পাৰৰ্দশিতা আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানসমূহলৈ বৰা আগবঢ়াই । উল্লেখ্য যে, ইয়াৰ পূৰ্বে জিলা আয়ুক্তগৰাকীৰে মৰিগাঁও চহৰত থকা গান্ধীৰ প্ৰতিছবি আৰু স্বাধীনতা সংগ্ৰামী তিলক ডেকা, হেমৰাম পাতৰ, গুণাভিৰাম বৰদলৈৰ প্ৰতি ছবি ম্যাল্যাপৰ্ণ কৰে ।

লগতে পঢ়ক: 77th Independence Day: লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্রী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.