ETV Bharat / state

77th Independence Day: লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্রী কেশৱ মহন্তৰ

author img

By

Published : Aug 15, 2023, 2:06 PM IST

77th Independence Day
77th Independence Day

আজি সমগ্র দেশে উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । অসমতো উলহ-মালহেৰে উদযাপন কৰা হৈছে স্বাধীনতা দিৱস । লখিমপুৰত স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচী উদযাপন কৰা হয় লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত । স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্রী কেশৱ মহন্তই ।

লখিমপুৰত মন্ত্ৰী কেশৱ মহন্তৰ পতাকা উত্তোলন

লখিমপুৰ, ১৫ আগষ্ট : মঙলবাৰে সমগ্র দেশজুৰি উদযাপন কৰা হৈছে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস । এই উপলক্ষে ৰাজ্যৰ ৰাজধানী গুৱাহাটীকে ধৰি বিভিন্ন জিলা তথা মহকুমাত এক উৎসাহভৰা পৰিৱেশত এই দিৱস উদযাপন কৰা হয় । আনহাতে, সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো মঙলবাৰে ব্যাপক উছাহেৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ।

লখিমপুৰত চৰকাৰীভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত । ইয়াৰ পূৰ্বে মন্ত্ৰী কেশৱ মহন্তই লখিমপুৰ নগৰৰ গান্ধী ময়দানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । পতাকা উত্তোলন কৰি মন্ত্রীগৰাকীয়ে দেশৰ গৌৰৱময় দিনটোৰ কথা স্মৰণ কৰি দেশৰ মুক্তিৰ হকে প্ৰাণাহুতি দিয়া, নিৰ্যাতন ভোগ কৰাসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে । নাতিদীর্ঘ ভাষণত তেওঁ বৰ্তমানৰ কেন্দ্র তথা ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা জনহিতকৰ আঁচনিসমূহৰ বিষয়ে ব্যাখ্যা কৰে ।

বৰ্তমানৰ চৰকাৰৰ দিনত দেশ তথা ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত হোৱাৰ কথাও প্ৰকাশ কৰে মন্ত্রী কেশৱ মহন্তই । এসময়ত কলীয়াপানী আখ্যা পোৱা লখিমপুৰ জিলাৰ উন্নয়নৰ গতিধাৰাক আলোকপাত কৰি তেওঁ দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । লখিমপুৰৰ বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নৰ খতিয়ানো তেওঁৰ ভাষণত দাঙি ধৰে । পতাকা উত্তোলনৰ ভাষণ দিয়াৰ উপৰি মন্ত্রীগৰাকীয়ে মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰে ।

জিলা আৰক্ষী, গৃহৰক্ষী, যান-বাহন শাখা, অসম বেটেলিয়ন, এনচিচি আদিৰ লগতে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ দলসমূহে মাৰ্চপাষ্টত অংশগ্রহণ কৰে । আনহাতে, এই অনুষ্ঠানত বিভিন্ন বিভাগৰ প্ৰতীক পট প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্যক্ৰম, মুক্তিযোদ্ধাক সম্বৰ্ধনা, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয় । অনুষ্ঠানটোত মন্ত্রী কেশৱ মহন্তৰ লগতে জিলা আয়ুক্ত সুমিত সাত্তাৱান, বিধায়ক মানৱ ডেকা, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আদিয়ে অংশগ্রহণ কৰে । এক উৎসাহভৰা পৰিৱেশত হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতিত লখিমপুৰত উদযাপন কৰা হয় দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস ।

লগতে পঢ়ক :77th Independence day: মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষণ চলি থাকোতেই ঢলি পৰিল মহিলা আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.