ETV Bharat / state

দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ

author img

By

Published : Feb 15, 2021, 3:18 PM IST

good news for 10 standard exam candidates
মৰিগাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ

মৰিগাঁৱত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে সু-খবৰ ৷ কিয়নো বিধায়কৰ প্ৰচেষ্টাত মুকলি কৰা হ’ল বিনামূলীয়া টিউচন চেন্টাৰ ৷

মৰিগাঁও, 15 ফেব্ৰুৱাৰী : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীলৈ সু-খবৰ ৷ কিয়নো মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া টিউচন চেন্টাৰ ৷

good news for 10 standard exam candidates
টিউচন চেন্টাৰ মুকলিৰ দৃশ্য

মৰিগাঁও ভূৰবন্ধা খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত আৰম্ভ হোৱা টিউচন চেণ্টাৰ সমূহত দুমাহলৈ ছাত্ৰ-ছাত্ৰী সকলক দিয়া হ'ব পাঠদান । ইংৰাজী আৰু গণিত বিষয়ত প্ৰদান কৰা হ'ব পাঠদান ৷

সোমবাৰে ইয়াৰ অংশ হিচাপে প্ৰথমটো টিউচন চেন্টাৰ মুকলি কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ নিশ্চিতভাৱে বিধায়ক গৰাকীৰ এই প্ৰচেষ্টাক শলাগ লৈছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক : ভূমি বিবাদক কেন্দ্র কৰি কলগাছিয়াত তিনি মহিলাক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.