ETV Bharat / state

Assam Govt distribute Bicycles : মৰিগাঁৱত নৱম শ্ৰেণীৰ 12,599 গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:55 PM IST

মৰিগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ জিলাখনৰ নৱম শ্ৰেণীৰ ১২,৫৯৯ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰিব চৰকাৰে ৷

Assam Govt distribute Bicycles
মৰিগাঁৱত নৱম শ্ৰেণীৰ 12,599 গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান

মৰিগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ অনুষ্ঠান

মৰিগাঁও, 13 অক্টোবৰ : "মুখ্যমন্ত্ৰীৰ সপোন, দেশৰ পাঁচখন অগ্ৰণী ৰাজ্যৰ ভিতৰত অন্তৰ্ভূক্ত কৰিব লাগে অসমক ৷ সেয়েহে অতি দূৰৰ্শিতাৰে, ৰাইজৰ অংশীদাৰীত্বৰে আঁচনিসমূহ ৰূপায়ণ কৰিছে চৰকাৰে ৷ ইয়াৰ অংশ স্বৰূপে মৰিগাঁও জিলা প্ৰশাসনে নৱম শ্ৰেণীৰ ১২,৫৯৯ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰিছে ৷" এই মন্তব্য অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ শুকুৰবাৰে মৰিগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷

সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে মৰিগাঁৱতো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰলৈ চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ মৰিগাঁৱৰ নৱম শ্ৰেণীৰ ১২,৫৯৯ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰিব চৰকাৰে ৷ শুকুৰবাৰে মৰিগাঁৱত শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ৷

লগতে পঢ়ক : Free Bicycle Distribution : বৰপেটাৰ ২২ হাজাৰ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব চাইকেল

"শিক্ষাৰ্থীৰ কল্যাণ চৰকাৰৰ দায়বদ্ধতা জ্ঞান অন্বেষণৰ সুগম হ'ব যাত্ৰা" শীৰ্ষক শ্লোগানেৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো ১২,৫৯৯ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৷

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জিলা শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঁঞা ৷ ইফালে চাইকেল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Assam Govt distribute Bicycles : তিনিচুকীয়াৰ নৱম শ্ৰেণীৰ ১২৭৭০ গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.