ETV Bharat / state

Free Bicycle Distribution : বৰপেটাৰ ২২ হাজাৰ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব চাইকেল

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 3:52 PM IST

Free Bicycles Distribution Programme
ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কাৰ্যসূচী মুকলি

বৰপেটা জিলাতো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ২২ হাজাৰ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কাৰ্যসূচী মুকলি কৰে ৷

বৰপেটাত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

বৰপেটা, ১৩ অক্টোবৰ : মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত শুকুৰবাৰে বৰপেটা জিলাতো নৱম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কেইবাহাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ২২ হাজাৰ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কাৰ্যসূচী মুকলি কৰে ৷

সাংসদগৰাকীয়ে প্ৰতীকি হিচাবে বৰপেটাৰ ১৭ গৰাকী ছাত্র-ছাত্ৰীক চাইকেল প্ৰদান কৰি জিলাখনত এই আঁচনি মুকলি কৰে ৷ চাইকেল বিতৰণ কাৰ্যসূচী মুকলি কৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি প্ৰদান কৰা ভাষণত সাংসদগৰাকীয়ে অসম চৰকাৰে দিয়া এই চাইকেলখন কেৱল এখন চাইকেল নহয় বুলি কৈ চাইকেলখনক স্বাৱলম্বিতাৰ প্ৰতীক আৰু ছাত্ৰ-ছাত্ৰী সকল জীৱনৰ পথত আগবাঢ়ি যোৱাৰ এক শক্তিশালী মাধ্যম বুলি অভিহিত কৰে ৷

চাইকেলখনৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট সময় ৰাহি হ’ব আৰু অধ্যয়নৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনত নিজৰ মূল্যৱান সময়খিনি সৃষ্টিশীল কামত ব্যৱহাৰ কৰিবলৈয়ো অধিক সুযোগ পাব বুলি মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷ লগতে তেওঁ কয় যে, চাইকেলৰ ব্যৱহাৰে প্ৰদূষণ ৰোধত সহায় কৰাৰ উপৰিও শাৰীৰিক ব্যায়ামতো সহায় কৰিব ৷ অসম চৰকাৰে ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অন্যতম সংযোজন হ'ল ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰাটো ৷ ৰাজহুৱা সভাখনত জিলা আয়ুক্ত আয়ুষ গৰ্গ, বৰপেটা জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস উপস্থিত থাকে ৷

উল্লেখ্য যে, “শিক্ষাৰ্থীৰ কল্যাণ চৰকাৰৰ দায়বদ্ধতা জ্ঞান অন্বেষণৰ সুগম হ’ব যাত্ৰা” এই শ্ল’গানেৰে শুকুৰবাৰে ৰাজ্যজুৰি আৰম্ভ হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল প্ৰদান অনুষ্ঠান ৷

লগতে পঢ়ক : Assam Govt distribute Bicycles : তিনিচুকীয়াৰ নৱম শ্ৰেণীৰ ১২৭৭০ গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.