ETV Bharat / state

প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

author img

By

Published : Jan 29, 2021, 7:16 PM IST

মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন উপসভাপতি তথা জালুগুটি উচ্চতৰ মাধ্য়মিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাৰ সোঁৱৰণত স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় ।

প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাৰ সোঁৱৰণত স্মৃতিচাৰণ সভা
প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

মৰিগাঁও , ২৯ জানুৱাৰী : মৰিগাঁও জিলাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন উপসভাপতি তথা জালুগুটি উচ্চতৰ মাধ্য়মিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাৰ স্মৃতিত এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় । মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ৰ প্ৰজ্ঞাভৱনত আয়োজন কৰা হয় এই স্মৃতিচাৰণ সভাৰ । মৰিগাঁও জিলা উচ্চতৰ মাধ্য়মিক অধ্য়ক্ষ মঞ্চৰ উদ্য়োগত আয়োজিত এই সভাৰ পৰিচালনা কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ কমল জ্যোতি গগৈয়ে । কাৰ্যসূচী অনুসৰি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু প্ৰয়াত অধ্যক্ষ গৰাকীৰ প্ৰতিচ্ছবিত ম্যাল্যাৰ্পণ কৰা হয় ।

স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে জালুগুটি মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক মুকুল বৰা ,মৰিগাঁও জিলাৰ কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্ত, হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক অনিল নাথ । বিশিষ্ট ব্য়ক্তি সকলে তেওঁলোকৰ ভাষণত প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাক স্মৰণ কৰা দেখা যায় । আনহাতে পৰিয়ালৰ তৰফৰ পৰা প্ৰয়াত ৰমেশ চন্দ্ৰ বৰাৰ কন্য়া প্ৰিন্সি বৰাই বক্তব্য ৰাখে স্মৃতিচাৰণ সভাত ।

লগতে পঢ়ক :মুকালমুৱাত কৰ'ণাৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.