ETV Bharat / state

মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

author img

By

Published : Dec 14, 2020, 8:25 AM IST

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ মৰিগাঁৱত বলিছে ৰাজনৈতিক গৰম বতাহ ৷ সকলো দলৰ নেতাই নিজ নিজ কাৰ্যসূচীৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

campaign for tiwa autonomous council election morigaon
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

ধিং,14 ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ ফলাফলে মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ অভিযানত কিছু পৰিৱৰ্তন অনা পৰিলক্ষিত হৈছে । আগন্তুক 17 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে অসমৰ প্ৰায় সকলো দলৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷

campaign for tiwa autonomous council election morigaon
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

মৰিগাঁৱত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকাই তিৱা নৃত্যত নাচি-বাগি আমোদ সৃষ্টি কৰি জোৰ-দাৰ প্ৰচাৰ চলাই থকাৰ সমান্তৰালকৈ কণ্ঠশিল্পী বাবুৱেও গীত পৰিৱেশন কৰি কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰাত উঠি-পৰি লাগিছে ৷

campaign for tiwa autonomous council election morigaon
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

বৰ্তমানলৈকে জিলাখনত সৰ্বাধিক প্ৰচাৰৰ অভিযান অব্যাহত ৰাখিছে শাসকীয় দলটোৱে ৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দলটোৰ সভাপতি ৰিপুণ বৰায়ো জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷

campaign for tiwa autonomous council election morigaon
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত

লগতে পঢ়ক : হাতে হাতে খালী কলহ লৈ খোৱা পানী বিচাৰি শিলচৰত পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.