ETV Bharat / state

লাহোৱালত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাৰ

author img

By

Published : Mar 17, 2021, 1:53 PM IST

লাহোৱালত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাৰ
লাহোৱালত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৮১নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাই তুংগত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰাৰ্থী গৰাকীয়ে সমষ্টিটোৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি ভোটাৰৰ মন জয় কৰাৰ বাবে গ্ৰহণ কৰিছে ন-ন কৌশল ৷

মৰিগাঁও,17মাৰ্চ : ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মৰিগাঁও জিলাৰ ৮১নং লাহৰীঘাটত সকলো ৰাজনৈতিক দল, নেতাই কঁকালত টঙালি বান্ধি এঘৰী যুঁজ দিবলৈ সাজু হৈছে । মুঠ 12 গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাই শেহতীয়াকৈ বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা । প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু বিক্ষোভ জুই নিৰ্বাপিত কৰাৰ বাবে ইখনৰ পিছত আনখন ৰাজনৈতিক সভা-সমিতিতো অংশগ্ৰহণ কৰিছে প্ৰাৰ্থী গৰাকীয়ে । সমষ্টিটোৰ বিভিন্ন ঠাইত দলীয় সভা অনুষ্ঠিত কৰি ভোটাৰৰ ওচৰলৈ যোৱাৰ প্ৰয়াস কৰিছে প্ৰাৰ্থী গৰাকীয়ে ৷

লাহোৱালত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কিদাৰু জামান জিন্নাৰ

ইফালে, অসমত এইবাৰ পুনৰ বিজেপি চৰকাৰ হ'ব বুলি মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ হোৱাৰ লগে-লগে লাহৰীঘাটৰ সমষ্টিৰ পৰাও বিজেপি প্ৰাৰ্থী বিজয়ী হ'ব লাগিব আৰু তেতিয়াহে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি সভাত প্ৰকাশ কৰে কিদাৰু জামান জিন্নাই ।

অন্য এক খবৰৰ বাবে: কলগাছিয়াত পথ দুৰ্ঘটনা: দুজনৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.