ETV Bharat / state

2021ত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব: ৰমাকান্ত দেউৰী

author img

By

Published : Dec 20, 2020, 12:26 PM IST

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিত শাসকীয় দল বিজেপিয়ে ৩৩ খন পৰিষদীয় আসনত বিজয়ী হোৱাৰ পাচতে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলে ৷ শনিবাৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভৱিষ্যৎ বাণী, আগন্তুক বিধান সভা নিৰ্বাচনত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব ৷

BJP MLA romakanta deori erected after tiwa election
2021ত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব: ৰমাকান্ত দেউৰী

মৰিগাঁও, 20 ডিচেম্বৰ: বিটিচি আৰু তিৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফলৰ পাচতে যেন শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকল হৈ পৰিছে একো একোগৰাকী জ্যোতিষী৷ আগন্তুক বিধান সভা নিৰ্বাচনক লৈ সকলোৱে আগবঢ়াইছে ভৱিষ্যৎ বাণী ৷ শনিবাৰে তিৱা পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভৱিষ্যৎ বাণী, আগন্তুক বিধান সভা নিৰ্বাচনত পুনৰ বিজেপি চৰকাৰেই হ'ব ৷

2021ত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব: ৰমাকান্ত দেউৰী

বিটিচি নিৰ্বাচনত ১খন আসনৰ পৰা ৯ খন আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৩ খন আসনৰ পৰা ৩৩ আসন লাভ কৰাৰ পাচতে আনন্দিত হৈ পৰিছে শাসকীয় দল বিজেপি ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতে ৩৩ খন পৰিষদীয় আসন লাভ কৰাত নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে এজনৰ পাচত আনজন বিজেপি দলৰ ৰাজনৈতিক নেতাই ৷

লগতে পঢ়ক: তিৱা পৰিষদৰ নিৰ্বাচনৰ সফল সমাপ্তিত জিলা প্ৰশাসনৰ ধন্যবাদ জ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.