ETV Bharat / state

Asia largest Dry fish market : এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত এভুমুকি

author img

By

Published : Mar 17, 2023, 10:42 PM IST

Updated : Mar 17, 2023, 10:58 PM IST

Asia largest Dry fish market at Jagiroad
এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত এভুমুকি

60 বছৰ গৰকা জাগীৰোডস্থিত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ঐতিহাসিক শুকান মাছৰ বজাৰখন(Asia largest Dry fish market)৷

মৰিগাঁও, 17 মাৰ্চ:

এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰত এভুমুকি

অসমীয়াত এষাৰ কথা আছে, মাছৰ গোন্ধে খাবি, মিতিৰৰ গোন্ধে যাবি

শুকান মাছৰ গোন্ধত মলমলাই থকা এইখন মৎস্য বজাৰ আপোনাৰ মোৰ সকলোৰে পৰিচিত ৷ যিখন হাটৰ লোভনীয় সুগন্ধই আপোনাকো কৰি তুলিব পাৰে মৎস্য বিলাসী । এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ এইখন ঐতিহাসিক শুকান মাছৰ বজাৰ (Asia largest Dry fish market) ৷ 1940 চনতেই স্থাপন কৰা হৈছিল এই শুকান মাছৰ বজাৰখনৰ (Dry fish market at Jagiroad) ৷ এই ঐতিহাসিক বজাৰখনত এক লাখ মেট্ৰিকটনতকৈ অধিক শুকান মাছ উপলদ্ধ হয়।

সপ্তাহটোৰ বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিনীয়াকৈ গ্ৰাহকৰ বাবে মুকলি কৰা হয় এই ঐতিহাসিক বজাৰখন ৷ এই শুকান মাছৰ বজাৰত উপলব্ধ হয় বিশ্বৰ বিভিন্ন নদ-নদী, বিল, খাল লগতে সাগৰ মহাসাগৰৰ বিভিন্ন প্ৰজাতিৰ শুকান মাছ । উত্তৰ-পূবৰ লগতে বহিঃৰাজ্যতো এই মাছৰ বজাৰখনৰ পৰা শুকান মাছৰ ৰপ্তানি কৰা হয় ৷ দেশৰ বিভিন্ন প্ৰান্তৰৰ সদাগৰসকল এই মাছৰ বজাৰখনলৈ আহি মাছৰ লেনদেন কৰে ৷ বুধবাৰৰ দিনা পুৱাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ট্ৰাকে ট্ৰাকে শুকান মাছ আহে এই শুকান মাছৰ বজাৰখনলৈ ৷ এই বৃহৎ মৎস্য হাটত স্থানীয় সৰু বৰ বিভিন্ন প্ৰজাতিৰ শুকান মাছৰ সমান্তৰালকৈ মধ্যপ্ৰদেশ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, আদিৰ পৰাও মাছো উপলব্ধ হয় । এই মাছৰ বজাৰত আপুনি যি মাছে বিচাৰে সেই মাছেই অতি সহজে আৰু উচিত মূল্যত ক্ৰয় কৰিব পাৰিব ।

প্ৰায় চাৰি সহস্ৰাধিক লোকৰ জীৱন-জীৱিকাৰ উৎস জাগীৰোডৰ এই শুকান মৎস্য হাট । ইয়াৰ লগত আনুসংগিকভাৱে গঢ় লৈ উঠিছে বিভিন্ন ব্যৱসায় বাণিজ্য । এক কথাত ক’বলৈ গ’লে চৰকাৰীভাৱে গঢ় লোৱা হিন্দুস্তান পেপাৰ মিল, স্পান মিল, পলিষ্টাৰ মিলৰ অধুনালুপ্ত হোৱাৰ পিছতে এছিয়াৰ সৰ্ববৃহৎ মৎস্য হাটে জাগীৰোডবাসীক অৰ্থনৈতিকভাৱে উজ্জীৱিত কৰি ৰাখিবলৈ সক্ষম হৈছে । প্ৰায় চাৰিটা দশক ধৰি চলি থকা এই শুকান মাছৰ বজাৰে জাগীৰোডৰ স্থানীয় লোকসকলৰ সৈতে ওতপ্রোতভাৱে জড়িত ৷ বহুতো স্থানীয় লোকে এই জাগীৰোৰ শুকান মাছ বজাৰৰ জৰিয়তে উপাৰ্জনৰ পথ উলিয়াইছে ৷ জানিব পৰামতে এই বজাৰখনে বছৰি প্ৰায় 40 কোটি টকাৰ ব্যৱসায় কৰে ৷

উল্লেখ্য যে, এইবিধ মাছৰ সুবিধাটো হৈছে যে দীৰ্ঘ সময়ৰ বাবে এই মাছ সাঁচি থব পাৰি ৷ শুকান মাছ নানা তৰহৰ ব্যঞ্জন প্ৰস্তুত কৰি জুতি লগাই খাব পাৰি । আইতাৰ আখলত চালনীত দিয়া অথবা খৰিকাত দিয়া শুকান মাছখিনি মনত আছেনে আপোনাৰ? জাগীৰোডবাসীৰ আশা ভৰষাৰ থলী তথা একমাত্ৰ ব্যৱসায়িক ক্ষেত্ৰ এইখন পুৰণি শুকান মাছ বজাৰৰ প্ৰচাৰ, প্ৰসাৰ আগন্তুক দিনত ৰাজ্য চৰকাৰে কেনেদৰে আগুৱাই নিয়ে সেয়া হ’ব লক্ষণীয় ৷

স্মৰ্তব্য যে 1989 চনৰ 29 ছেপ্টেম্বৰত নগাঁও মৰিগাঁও জিলা বিভক্ত হৈ মৰিগাঁও জিলাই সুকীয়া জিলাৰ মৰ্যাদা লাভ কৰাৰ পিচতেই ঔদ্যোগিক জাগীৰোড চহৰখন মৰিগাঁও জিলাত অন্তৰ্ভুক্ত হয় ৷ জাগীৰোড বিশেষকৈ কাগজ কল আৰু শুকান মাছৰ বজাৰৰ বাবে বিখ্যাত ৷

লগতে পঢ়ক: Beautiful scenery of Jonai : জোনাইৰ বেৰাচাপৰিৰ চিয়াং নদীৰ পাৰত বেঙুনীয়া দলিচাৰ আচ্ছাদন

Last Updated :Mar 17, 2023, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.