ETV Bharat / state

Corruption in Cooperative Society: গাগলমাৰী সমবায় সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 7:35 AM IST

মৰিগাঁও জিলাৰ গাগলমাৰী সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে সমবায় সমিতিখনৰ আঠ গৰাকীকৈ নিৰ্বাচিত সদস্যৰ মুকলি অভিযোগ ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ৷

Allegation of Corruption
টকা আত্মসাতৰ অভিযোগ

সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

মৰিগাঁও, 20 ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ গাগলমাৰী সমবায় সমিতিৰ লিমিটেডৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ ৷ মঙলবাৰে মৰিগাঁও জিলা আয়ুক্তৰ‌ কাৰ্যালয়ৰ চৌহদত সমবায় সমিতিখনৰ আঠ গৰাকীকৈ নিৰ্বাচিত সদস্যই উত্থাপন কৰে এই অভিযোগ ৷

মৰিগাঁও জিলা খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত গাগলমাৰী সমবায় সমিতি লিমিটেডৰ সভাপতি আচকৰ আলী আৰু সম্পাদক চাদ্দাম হুছেইনৰ বিৰুদ্ধে মঙলবাৰে একাধিক অভিযোগ উত্থাপন কৰি তেওঁলোকে কয় যে সমবায় সমিতিখনৰ সভাপতি আৰু সম্পাদকে মিলি দহ লক্ষাধিক টকা আত্মসাত কৰিছে ৷

দ্বিতীয়তে নিতী বহিৰ্ভূতভাৱে সভাপতি-সম্পাদকে ৫ লাখ টকা খৰছ কৰি দাখিল কৰিব পৰা নাই উপযুক্ত বিল-ভাউচাৰ ৷ এই অভিযোগ সমবায় সমিতিৰ আঠ গৰাকীকৈ সদস্যৰ ৷

ইমানেই নহয়, সদস্য কেইজনে সমবায় সমিতিৰ সভাপতি আচকৰ আলী আৰু সম্পাদক চাদ্দাম হুছেইনৰ মইমতালিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে অসম চৰকাৰৰ সমবায় সমিতি সমূহৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ত ৷ ইফালে এই অভিযোগৰ ভিত্তিতেই মৰিগাঁও জিলাৰ সহকাৰী পঞ্জীয়ক বিপুল হাজৰিকাৰ মৌখিক অনুমতি লৈ সমবায় সমিতিখনৰ ভূৰাগাঁও পাঞ্জাব নেচনেল বেংকত সমবায় সমিতিখনৰ নামত থকা একাউণ্টৰ লেনদেন বন্ধ ৰখোৱাৰ বাবে অভিযোগকাৰী সদস্যসকলে দাখিল কৰে লিখিত আবেদন ৷ মঙলবাৰে এই সন্দৰ্ভত মৰিগাঁও জিলা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত দুই পক্ষৰ পৰা শুনানি গ্ৰহণ কৰে ৷

মনকৰিবলগীয়া যে এই শুনানিত জিলা সহকাৰী পঞ্জীয়ক বিপুল হাজৰিকাই সমবায় সমিতিখনৰ সভাপতি-সম্পাদকৰ পক্ষ লোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে ৷ মঙলবাৰে এই বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলি অভিযোগকাৰীয়ে কয় যে যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে; সেই সময়ত গাগলমাৰী সমবায় সমিতিৰ দুই বিষয়-ববীয়াই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰি প্ৰতিটো কোটাত হিতাধিকাৰীৰ পৰা নীতি বহিৰ্ভূতভাৱে চাউল কমাই দিয়া; চৰকাৰী বিষয়াক মেনেজ কৰাৰ নামত সমবায় সমিতিখনত অব্যাহত ৰাখিছে লুণ্ঠনৰাজ ৷ সমবায় সমিতিৰ সদস্য অভিযোগৰ বিপৰীতে সভাপতি আচকৰ আলী আৰু সম্পাদক চাদ্দাম হুছেইনৰ প্ৰতিক্ৰিয়া কি পৰৱৰ্তী সময়ত সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক : Muslim Jatiya Parishad: আমছুয়ে বিজেপি চৰকাৰৰ এজেন্ট হিচাপে কাম কৰা অভিযোগ মুছলিম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.