ETV Bharat / state

বৃহস্পতিবাৰে ভূমি পূজন যোৰহাট-মাজুলী সংযোগী দলঙৰ

author img

By

Published : Feb 18, 2021, 12:28 PM IST

বৃহস্পতিবাৰে ভূমি পূজন যোৰহাট-মাজুলী সংযোগী দলঙৰ
বৃহস্পতিবাৰে ভূমি পূজন যোৰহাট-মাজুলী সংযোগী দলঙৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ যোগেদি বৃহস্পতিবাৰে যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ মাজুলীবাসীৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ অৱসান ঘটাই দলঙৰ কাম আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰিছে ৰাইজ ৷

মাজুলী,18 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব মাজুলীবাসী ৷ কিয়নো দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ অৱসান ঘটাই বৃহস্পতিবাৰে ভূমি পূজনৰ লগতে কাৰিকৰী কাম আৰম্ভ কৰা হ'ব যোৰহাট-মাজুলী সংযোগী দলঙৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ যোগেদি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

বৃহস্পতিবাৰে ভূমি পূজন যোৰহাট-মাজুলী সংযোগী দলঙৰ

ইতিমধ্যে দলঙৰ ভূমি পূজনৰ বাবে যাৱতীয় সকলো কাম সম্পন্ন কৰাত উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী ৷ যাতায়াতৰ প্ৰধান অন্তৰায় হিচাপে থিয় দিয়া যোৰহাট-মাজুলী সংযোগী দলঙখনৰ কাম আৰম্ভ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি বালিত অংকন কৰি শুভেচ্ছা আৰু ধন্যবাদ জনাইছে বলুকা শিল্পীসকলে ৷

বৃহস্পতিবাৰে ভূমি পূজন যোৰহাট-মাজুলী সংযোগী দলঙৰ
বলুকা শিল্প


লগতে পঢ়ক: ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ ৰপেক্স জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.