ETV Bharat / state

কিয় আজি চৰ্চাত বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন ?

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:48 PM IST

students-make-chunga-pitha-before-bhogali-bihu-in-a-school-of-majuli
প্ৰশংসনীয় পদক্ষেপ

Assamese Chunga Pitha: ছাত্ৰ-ছাত্ৰীক কেৱল পাঠ্যপুথিৰ শিক্ষাতে সীমাৱদ্ধ নাৰাখি অন্যান্য শিক্ষাৰেও চহকী কৰা উচিত ৷ তেহে আগবাঢ়িব সমাজ ৷ সেই কথাকে সাৰোগত কৰি মাজুলীৰ এখন বিদ্যালয় কৰ্তৃপক্ষই কণ-কণ ছাত্ৰ-ছাত্ৰীক শিকাইছে চুঙাপিঠা পুৰিবলৈ ৷

প্ৰশংসনীয় পদক্ষেপ

মাজুলী, 6 জানুৱাৰী : সত্ৰপীঠ মাজুলীৰ এখন বিদ্যালয় এয়া ৷ এই যে কণ কণ শিক্ষাৰ্থীসকলক দেখিছে, তেওঁলোক এতিয়া ভীষণ ব্যস্ত ৷ অৱশ্যে এই ব্যস্ততা পাঠ্যপুথিক লৈ নহয় ৷ এই ব্যস্ততা বহুতে পাহৰিব খোজা নিজৰ জাতীয় কৃষ্টি, সংস্কৃতি, পৰম্পৰা, লোকাচাৰক ধৰি ৰখাৰ ৷ চাওতে চাওতে ভোগালী বিহুৱে আহি দুৱাৰত টোকৰ দিছেহি ৷ স্বাভাৱিকতে, অসমৰ গাঁৱে-ভূঞে এতিয়া বিহুৰ আয়োজন চলিছে ৷ কিন্তু পৰিতাপৰ বিষয় যে, যি লোকাচাৰক লৈ যি পৰম্পৰাক লৈ অসমীয়া জাতিয়ে গৌৰৱ কৰে, সেই পৰম্পৰা আজিৰ নতুন প্ৰজন্মৰ বহুতেই নাজানে ৷ হয়তো অভিভাৱকৰ গুৰুত্বহীনতা নাইবা পৰিৱেশ-পৰিস্থিতিয়ে সেয়া নতুন প্ৰজন্মৰ বহুতকে নিশিকালে ৷ সেই নিশিকোৱা কথাখিনিকেই শিকাবলৈ যত্ন কৰিছে মাজুলীৰ এখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলে ৷

মাজুলীৰ এই বিদ্যালয়খনৰ নাম বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতন ৷ এই বিদ্যালয়খনত অধ্যয়ন কৰা এইসকল শিক্ষাৰ্থীয়ে এতিয়া অন্ততঃ চুঙাপিঠা পুৰিবলৈ শিকিছে, তাৰ সোৱাদ ল’বলৈয়ো শিকিছে ৷ এয়া সম্ভৱ হৈ উঠিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ চেষ্টাত ৷ বিদ্যালয়খনত আজি অসমীয়াৰ পৰম্পৰাগত চুঙাপিঠাৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল । বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক চুঙাপিঠাৰ সোৱাদো দিলে লগতে ছাত্ৰ-ছাত্ৰীসকলো পৰিচিত হ’ল অসমীয়া জাতিৰ লুপ্তপ্ৰায় এটা সংস্কৃতিৰ সৈতে । জাতি বাঁহৰ চুঙাত পিঠাগুৰি ভৰাই জুইত পুৰি নিজে পোৰা চুঙাপিঠাৰ জুতি লৈ কিমান যে আনন্দ পালে এইসকল শিক্ষাৰ্থীয়ে । ছাত্ৰ-ছাত্ৰীসকলক চুঙাপিঠা বনোৱাৰ নিয়ম-নীতি খুব আদৰেৰে শিকাই দিলে সমীপৱৰ্তী গাঁৱৰ বয়োজ্যেষ্ঠসকলে ৷ এয়াও কম ভাল লগা কথানে ৷ বিদ্যালয়খনৰ এই কাৰ্যক প্ৰশংসা কৰিছে অভিভাৱক আৰু অঞ্চলবাসীয়ে ।

লগতে পঢ়ক : টিহু নাথকুছিৰ এখন বিশেষ প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.