ETV Bharat / state

মাজুলীৰ ভিন্ন স্থানত শংকৰদেৱৰ জন্মোৎসৱৰ ব্যাপক আয়োজন

author img

By

Published : Oct 2, 2022, 11:38 AM IST

srimanta-sankardev-janmotsav-to-be-celebrated-in-majuli
মাজুলীৰ গাঁৱে গাঁৱে শংকৰদেৱৰ জন্মোৎসৱৰ ব্যাপক আয়োজন

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে দুৰ্গা পূজাৰ ব্যাপক উচাহ (Durga Puja 2022) ৷ মাজুলীৰ ভিন্ন প্ৰান্তত ব্যাপক আয়োজন চলিছে শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱৰ ৷ কণকণ শিশুৰ পৰা গাঁৱৰ জ্যেষ্ঠসকললৈ সকলো ব্যস্ত হৈ পৰিছে গুৰুজনাৰ জন্মোৎসৱ উদযাপনৰ বাবে (Srimanta Sankardev Janmotsav in Majuli)। ইয়াৰ সমান্তৰালকৈ মাজুলীবাসীয়ে প্ৰস্তুতি চলাইছে ৰাসোৎসৱৰ বাবে (Preparations for Rasotsav in Majuli) ৷ লুইতৰ পাৰৰ বৃন্দাবনত বাজি উঠিছে খোল-তাল-বাঁহী । শাৰদীয় এই সময়ত মাজুলীৰ নতুন চামগুৰি সত্ৰত আগন্তুক ৰাস উৎসৱক লৈ প্ৰস্তুতি চলোৱা দেখা গৈছে ৷

মাজুলী, 2 অক্টোবৰ: আজি মহা সপ্তমী (Maha Saptami of Durga Puja 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে দুৰ্গা পূজাৰ ব্যাপক উচাহ (Durga Puja 2022) ৷ সমন্তৰালকৈ মাজুলীতো শৰতক লৈ উচাহ-উদ্দীপনা পৰিলক্ষিত হৈছে ৷

বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীত নাই পূজাৰ আনন্দ ৷ তথাপিও শৰতৰ প্ৰতিতো ৰাতিয়েই বিতোপন হয় মাজুলীত ৷ কিয়নো মাজুলীত ৩০ টাৰো অধিক অঞ্চল, ৩৩ খন সত্ৰৰ লগতে প্ৰতিখন গাঁৱতে ব্যাপক ৰূপত প্ৰস্তুতি চলিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱ উদযাপনৰ বাবে ৷

মাজুলীৰ গাঁৱে গাঁৱে শংকৰদেৱৰ জন্মোৎসৱৰ ব্যাপক আয়োজন

কণকণ শিশু পৰা জ্যেষ্ঠসকললৈ সকলো ব্যস্ত হৈ পৰিছে গুৰুজনাৰ জন্মোৎসৱ উদযাপনৰ বাবে (Srimanta Sankardev Janmotsav in Majuli)। ইয়াৰ সমান্তৰালকৈ মাজুলীবাসীয়ে প্ৰস্তুতি চলাইছে ৰাসোৎসৱৰ বাবে (Preparations for Rasotsav in Majuli) ৷ লুইতৰ পাৰৰ বৃন্দাবনত বাজি উঠিছে খোল-তাল-বাঁহী । শাৰদীয় এই সময়ত মাজুলীৰ নতুন চামগুৰি সত্ৰতো(Notun Samaguri Satra) আগন্তুক ৰাস উৎসৱক লৈ প্ৰস্তুতি চলোৱা দেখা গৈছে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত ইক’ ফ্ৰেণ্ডলী দূৰ্গাপূজা মণ্ডপ : কাচেৰে নিৰ্মাণ কৰা হৈছে প্ৰতিমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.