ETV Bharat / state

ৰেহাই নাইঃ ৰাধা-কৃষ্ণইও কৰিব লাগিব স্বাৱ পৰীক্ষা

author img

By

Published : Nov 20, 2020, 9:41 PM IST

মাজুলীত ৰাসমঞ্চৰ উদ্যোক্তাসকলৰে প্ৰশাসনৰ চূড়ান্ত বৈঠক। শিথিল নহ’ল নীতি-নিৰ্দেশনা ৷ স্বাব টেষ্ট কৰিব লাগিব ৰাধা-কৃষ্ণৰ লগতে সকলো কলা কুশলীয়ে । অসন্তুষ্টি প্ৰকাশ কৰিলে গৰিষ্ঠ সংখ্যক ৰাস কমিটিয়ে ।

majuli news
majuli news

মাজুলী, 20 নৱেম্বৰ : এফালে ক'ভিড-১৯ৰ সংক্ৰমণৰ ভয়াৱহতা, আনফালে মাজুলীৰ ৰাসোৎসৱ । শ শ বছৰীয়া ঐতিহ্য পৰম্পৰাৰ বাহক মাজুলীৰ ৰাসোৎসৱ অনুষ্ঠিত কৰাৰ বাবে নিয়ম-নীতি কিছু শিথিল কৰিবলৈ দাবী জনাইছিল ৰাসোৎসৱ উদযাপন সমিতি সমূহে। কিন্তু শিঠিল নহ’ল নীতি নিয়ম । ক'ভিড-১৯ অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰেক্ষাপটত মাজুলীত ৰাস উৎসৱ উদযাপন সন্দৰ্ভত মাজুলী জিলা প্ৰশাসনে বৃহস্পতিবাৰে জিলাখনৰ ৰাস আয়োজক সমিতিসমূহৰ প্ৰতিনিধিক লৈ অনুষ্ঠিত কৰে এখন সভা ৷ এই সভাত মুখ্য সচিবে প্ৰেৰণ কৰা নীতি-নিয়ম অৱগত কৰে ।

ৰাধা-কৃষ্ণৰ উপৰিও ৰাসৰ সকলো কলা-কুশলীয়ে কৰিব লাগিব স্বাৱ পৰীক্ষা

মঙলবাৰে জাৰি কৰা নতুন প্ৰট'কল অনুসৰি মাজুলীতো এইবাৰ ৰাস মঞ্চসমূহে প্ৰেক্ষাগৃহৰ ৫০ শতাংশ আসন বা সৰ্বাধিক দুশ গৰাকী দৰ্শকক লৈ ৰাস মঞ্চস্থ কৰাৰ লগতে প্ৰথমদিনা ৰাসৰ ৪৮ ঘণ্টা পূৰ্বেই প্ৰতিগৰাকী শিল্পী, কলা-কুশলী, উদ্যোক্তা তথা স্বেচ্ছাসেৱকৰ ক'ভিড-১৯ স্বাব টেষ্ট কৰোৱাটো বাধ্যতামূলক হ'ব । তদুপৰি, দহ বছৰৰ অনুৰ্ধ শিশু আৰু ৬৫ বছৰ বয়সৰ ওপৰৰ লোকে ৰাসত অভিনয় কৰিব নোৱাৰাৰ লগতে এই দুই বয়সসীমাৰ কোনেও ৰাসৰ আয়োজনত অংশগ্ৰহণ কৰা বা দৰ্শক হ'বও নোৱাৰিব ।

majuli news
চক্ৰবাক-বলোৰাম

একেদৰে, ১১ বছৰৰ পৰা ১৮ বছৰৰ অনুৰ্ধ নাবালক শিল্পী, কলা-কুশলীয়ে ৰাসত অভিনয় কৰিবলৈ হ'লে অভিভাৱকৰ পৰা আগতীয়া লিখিত অনুমতি ল'ব লাগিব আয়োজক সমিতিয়ে । প্ৰতিখন ৰাসথলীতে উদ্যোক্তা আৰু স্বেচ্ছাসেৱীসকলৰ বাবে মুখত মাস্ক পৰিধান কৰা, হাত ছেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ৰখা আৰু ন্যূনতম সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে ক'ভিড-১৯ সম্পৰ্কীয় সতৰ্কতামূলক নিৰ্দেশনা পালন কৰিব লাগিব । আনহাতে মুখত মাস্ক নিপিন্ধাকৈ কোনো দৰ্শককে ৰাসৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব আয়োজকসকলে । প্ৰট'কল অনুসৰি দৰ্শকৰ বাবে প্ৰেক্ষাগৃহত পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থাৰ লগতে প্ৰতিটো প্ৰৱেশ পথতে 'থাৰ্মেল স্কেনাৰ' আৰু হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থাও ৰাখিব লাগিব উদ্যোক্তাসকলে ।

majuli news
চক্ৰবাক

ইফালে,ৰাসথলীত মেলা অনুষ্ঠিত কৰা বা হোটেল-দোকান আদি খোলাটো সম্পূৰ্ণ নিষিদ্ধ থাকিব । জিলাখনৰ প্ৰতিখন ৰাসমঞ্চৰ আয়োজক সমিতিয়ে জিলা প্ৰশাসনৰ পৰা ৰাস অনুষ্ঠিত কৰিবলৈ আগতীয়া অনুমতি গ্ৰহণৰ লগতে ৰাসত অংশগ্ৰহণ কৰিব লগা শিল্পী, কলা-কুশলী, বিষয়ববীয়া তথা স্বেচ্ছাসেৱকসকলৰ নাম-ঠিকনা আৰু যোগাযোগৰ নম্বৰ অহা ২৫ নৱেম্বৰৰ ভিতৰতে প্ৰশাসনৰ ওচৰত দাখিল কৰিবলৈ এই সভাতে উদ্যোক্তাসকলক অৱগত কৰে । কঠোৰ নীতি-নিয়ম শুনি বিমোৰত পৰিছে উদ্যোগতাসকল । ইয়াৰ পূৰ্বে এখন সভাত যি সমূহ নীতি-নিয়ম বান্ধি দিছিল সেই সমূহ কিছু শিথিল কৰিলৈ অনুৰোধ জনাইছিল মাজুলীবাসীয়ে ৷ কিন্তু চূড়ান্ত নীতি-নিৰ্দেশনা শুনি কেইবাখনো ৰাস উদযাপন সমিতিয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও প্ৰশাসন নিজৰ স্থিতিত অটল থাকে ।

majuli news
যশোদা-কৃষ্ণ

ৰাধা-কৃষ্ণৰ লগতে সকলো কলা-কুশলীয়ে স্বাব টেষ্ট কৰাটো বাধ্যতামূলক ৷ আনহাতে ৫০% দৰ্শকে ৰাস চালে ব্যয় কৰা ধন সংগ্ৰহ কৰিব নোৱাৰিলে বিপদত পৰিব কমিটীসমূহ । কিন্তু বহু সময় আলোচনাৰ শেষত প্ৰশাসনে ক'ভিড-১৯ প্ৰতিৰোধ সম্পৰ্কীয় নীতি-নিয়ম শৃংখলিত ভাৱে মানি মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ উদযাপন কৰি আসমবাসীৰ সমুখত আন এক উদাহৰণ দাঙি ধৰিবলৈ আহ্বান জনায় ।

চৰকাৰে জনস্বাস্থ্যৰ সুৰক্ষা আৰু জনস্বাৰ্থৰ খাতিৰত নিৰ্দিষ্ট কৰি দিয়া ক'ভিড-১৯ৰ সতৰ্কতামূলক নীতি-নিয়মসমূহ পালন কৰি ৰাস পাতিবলৈ মাজুলীবাসী যে সম্পূৰ্ণ সমৰ্থবান, সেয়া ৰাজ্যবাসীক কৰি দেখুওৱাৰ প্ৰত্যাহ্বান ৰাসৰ উদ্যোক্তাসকলে সফলতাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায় উপায়ুক্তই । এইক্ষেত্ৰত ৰাসৰ আয়োজক সমিতিসমূহলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱা হ'ব বুলি উপায়ুক্তই উল্লেখ কৰে । এয়া সম্ভৱ হৈ উঠেনে নুঠে সময়তহে লক্ষনীয় হ'ব ।

লগতে পঢ়ক : 1 ডিচেম্বৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পুনৰ মুকলিৰ চিন্তা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.