ETV Bharat / state

By Election 2022 : কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?

author img

By

Published : Feb 8, 2022, 10:10 AM IST

WHO WILL BE THE SUCCESSOR OF SARBANANDA SONOWAL ?
কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?

উপনিৰ্বাচনক লৈ মাজুলীত বলিছে গৰম বতাহ (By Election in Majuli) ৷ কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী ৷ কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?

মাজুলী, 8 ফেব্ৰুৱাৰী : কোন হ’ব সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal's successor) উত্তৰসূৰী ? এই প্ৰশ্নটোৱে ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে ৷ মাজুলীত বলিছে এতিয়া উপ-নিৰ্বাচনৰ (By Election Election preparation) গৰম বতাহ । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ আসন এৰাৰ লগে লগেই মাজুলী সমষ্টিৰ আসনখন এতিয়াও খালী হৈ আছে । আসনখন খালী হৈ থকাৰ বাবে অভিভাৱকহীন হৈ আছিল মাজুলীবাসী (Majuli By Election 2022) ।

বিজেপিৰ সভাপতি দীপক গোস্বামী

সেয়ে এতিয়া নিবাচনী আয়োগে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত । কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী সকলো৷ বৰ্তমান এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা প্ৰাক্তন মাজুলী বিজেপিৰ সভাপতি দীপক গোস্বামীয়ে প্ৰথম বাৰলৈ আগবঢ়ালে নিজৰ মতামত । সংবাদ মাধ্যমৰ আগত বিজেপি সভাপতিগৰাকীয়ে কয় যে, "বিজেপি দলে প্ৰাৰ্থীত্ব এনে এজন ব্যক্তিকে দিব লাগে যিজন ব্যক্তিয়ে সত্ৰ নগৰী মাজুলীক আগুৱাই নিব পাৰে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সপোনবোৰক দিঠকত পৰিণত কৰিব পাৰে । "

লগতে, তেওঁ কয় যে এইবাৰ উপ নিৰ্বাচনৰ বাবে বিজেপি দলৰ মূল ইচ্ছু হ'ব বান গৰাখহনীয়াৰ পৰা মাজুলীক মুক্ত কৰা ৷

লগতে পঢ়ক : নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব মাজুলীৰ উপ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.