পুনৰ আজিৰে পৰা মুকলি মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

author img

By

Published : Aug 18, 2021, 10:38 AM IST

ferry-service-re-opened

মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা(Ferry Service) মুকলি ৷ ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ(Covid) নতুন নীতি-নিৰ্দেশনা(SOP) অনুসৰি বুধবাৰৰ পৰা পুনৰ আৰম্ভ ফেৰী চলাচল ৷ ফেৰী সেৱা আৰম্ভ হোৱাক লৈ আনন্দিত যাত্ৰীৰ লগতে ফেৰীঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷

মাজুলী, 18 আগষ্ট : বুধবাৰৰ পৰা পুনৰ মুকলি হৈছে মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা(Ferry Service) ৷ মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ(Covid) নতুন নীতি-নিৰ্দেশনা(SOP) অনুসৰি মাজুলীত পুনৰ আৰম্ভ কৰা হৈছে ফেৰী চলাচল ৷ প্ৰায় 3 মাহ ধৰি বন্ধ হৈ থকা ফেৰী সেৱা আকৌ আৰম্ভ হোৱাত পুৱাৰে পৰা ফেৰীঘাটসমূহত ভীৰ কৰিছে অসংখ্য যাত্ৰীয়ে ৷

পাৰাপাৰ হ’বলৈ ফেৰীৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে যাত্ৰীসকলে ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধৰ ঘোষণা কৰাৰ লগে লগে যান-বাহনৰ লগতে বন্ধ হৈ পৰিছিল ফেৰী সেৱাসমূহ ৷ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা আৰু অফলামুখ-নিমাতী ফেৰীসেৱাৰ লগতে দক্ষিণপাট-নিমাতী ফেৰী সেৱাসমূহ চৰকাৰী নিৰ্দেশনা অনুসৰি বন্ধ কৰি দিয়া হৈছিল ৷

মাজুলীত ফেৰী চলাচল পুনৰ আৰম্ভ

লগতে পঢ়ক : চন্দ্ৰপুৰৰ সলনি বিকল্প স্থানত হওক ডাম্পিং গ্ৰাউণ্ড

ইফালে ফেৰী সেৱা বন্ধ হৈ পৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থাৰ লেখীয়া হৈছে ফেৰীঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ৷ ফেৰী ঘাটসমূহ বন্ধ হৈ যোৱাৰ লগে লগে ব্যক্তিগত ফেৰীত কৰ্মৰত কৰ্মচাৰীসকলৰ পৰিয়াল পোহপাল দিয়াত অসুবিধাৰ সৃষ্টি হৈছে । কিয়নো ফেৰী চলিলেহে দৰমহা পায় এইসকল কৰ্মচাৰীয়ে ।

যিহেতু ফেৰী সেৱাই বন্ধ হৈ আছিল, কৰ্মচাৰীসকলক মালিক পক্ষই দৰমহা দিয়ে কেনেকৈ । ৰাজ্যত ক’ভিড সংক্ৰমণৰ মাত্ৰা ক্ৰমাৎ হ্ৰাস পোৱা হেতুকে পুনৰ ফেৰী চলাচলৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ পুনৰ ফেৰী চলাচল আৰম্ভ হোৱাৰ বাতৰিয়ে এতিয়া আনন্দিত কৰি তুলিছে মাজুলীবাসীৰ লগতে ফেৰীঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ৷

লগতে পঢ়ক : ধেমাজিত জীয়াঢলৰ সংহাৰী ৰূপ : প্লাৱিত হৈছে 20খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.