ETV Bharat / state

ধেমাজিত জীয়াঢলৰ সংহাৰী ৰূপ : প্লাৱিত হৈছে 20খনৰো অধিক গাঁও

author img

By

Published : Aug 17, 2021, 10:47 PM IST

floods of jiadhal river
ধেমাজিত জীয়াঢলৰ সংহাৰীৰূপ

ধেমাজিত সংহাৰী ৰূপ ধাৰণ কৰিছে জীয়াঢলৰ বাঢ়নী পানীয়ে ৷ নৱ নিৰ্মিত এটা মথাউৰি ভঙাৰ ফলতে জীয়াঢলৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে জীয়াঢলৰ সমীপৰ কেইবাখনো গাঁও ৷

ধেমাজি, 17 আগষ্ট : যোৱা কেইদিনত অসম-অৰুণাচলত নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিত সংহাৰী ৰূপ ধাৰণ কৰিছে জীয়াঢলৰ নৈৰ বাঢ়নী পানীয়ে ৷ নৱ নিৰ্মিত এটা মথাউৰি ভঙাৰ ফলতে জীয়াঢলৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে জীয়াঢলৰ সমীপৰ কেইবাখনো গাঁও ৷ বিগত বছৰৰ তুলনাত চলিত বছৰত বাৰিষা বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা বাবে ধেমাজি জিলাত বানৰ প্ৰকোপ নাছিল ৷

কিন্তু শেহতীয়াকৈ উজনি অসম তথা অৰুণাচলত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে জীয়াঢলৰ জলস্তৰ ৷ মঙলবাৰে পুৱা ধেমাজি টেকজুৰিৰ বমন গাঁৱৰ চেনেল কাটিং আৰু গাইড বান্ধৰ প্ৰায় ৫০০ মিটাৰ অংশ জীয়াঢলৰ বাঢ়নীপানীয়ে ছিঙি নিয়াৰ ফলত বানৰ কৱলত পৰিছে ধেমাজিৰ এটা বৃহৎ অঞ্চল ৷ জানিব পৰা মতে, বমন গাঁৱৰ চেনেল কাটিং আৰু গাইড বান্ধটো জলসম্পদ বিভাগে দুমাহৰ পূৰ্বে নিৰ্মাণ কৰিছিল ৷

ধেমাজিত জীয়াঢলৰ সংহাৰীৰূপ

লগতে পঢ়ক: ৰাইজৰ দলৰে নহয় অসম জাতীয় পৰিষদৰেহে মিত্ৰতা হ’ব কংগ্ৰছৰ !

গাইড বান্ধৰ বিশাল অংশ ছিঙি নিয়াৰ ফলত জীয়াঢলৰ বাঢ়নী পানীয়ে ধেমাজি জীয়াঢল চাৰিআলি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে জলমগ্ন কৰিছে ৷

লগতে প্লাৱিত হৈছে জীয়াঢল চাৰিআলিৰ সমীপৰৰ ন-আলি ভজুগাঁও, হেচুলি, জালভাৰী, দিহিৰি, কেকুৰি, তিনিঘৰীয়া, শালমাৰী, শ’লমাৰী, পাভমাৰী, চেচাঁসহ, গৰৈমাৰীকে ধৰি বাটঘৰীযাৰ পঞ্চায়তৰ কেইবাখনো গাঁও ৷ এই পৰ্যন্ত সৰ্বমুঠ 20 খনৰো অধিক গাঁও প্লাৱিত হৈছে বুলি জানিব পৰা গৈছে ৷ ঘৰ-দুৱাৰৰ সমান্তৰালভাৱে এই বানত ক্ষতিগ্ৰস্ত হৈছে বাটঘৰীয়া আৰু জীয়াঢল আৰু চমৰাজান পঞ্চায়তৰ অধীনৰ বহু হেক্টৰ কৃষিভূমি ৷

ইফালে, জীয়াঢল নদীৰ বান নিয়ন্ত্ৰণৰ বাবে গাইড বান্ধটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বাবে জীয়াঢলৰ বাঢ়নী পানীয়ে বান্ধটোৰ এটা বৃহৎ অংশ ছিঙি নিয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ গাইড বান্ধটোৰ নিৰ্মাণ লগত জড়িত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ধেমাজি জীয়াঢল আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: এযোৰ কাপোৰৰ বাবে কোকৰাঝাৰত হেতা-ওপৰা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.