চন্দ্ৰপুৰৰ সলনি বিকল্প স্থানত হওক ডাম্পিং গ্ৰাউণ্ড

author img

By

Published : Aug 18, 2021, 8:36 AM IST

চন্দ্ৰপুৰৰ সলনি বিকল্প স্থানত হওক ডাম্পিং গ্ৰাউণ্ড

চৰকাৰে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বাতিলৰ সিদ্ধান্ত ঘোষণা নকৰা পৰ্যন্ত চন্দ্ৰপুৰবাসীয়ে অব্যাহত ৰাখিব প্ৰতিবাদ ৷ চন্দ্ৰপুৰ আছুৰ কাৰ্যালয়ত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ সংবাদমেল অনুষ্ঠিত হোৱাৰ পিছত ঘোষণা কৰা হয় এই কথা ৷

গুৱাহাটী, 18 আগষ্ট : ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে চন্দ্ৰপুৰবাসী ৰাইজে চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, সেয়া চৰকাৰৰ স্থিতি স্পষ্ট নোহোৱালৈ অব্যাহত থাকিব৷ এই মন্তব্য প্ৰকাশ কৰিছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ নেতৃবৃন্দই । মঙলবাৰে চন্দ্ৰপুৰৰ আছুৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ চন্দ্ৰপুৰৰ আহ্বায়ক বিষ্ণুৰাম বড়ো আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা টুটুমণি কলিতাই কয় যে- চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা নহয় বুলি বিভাগীয় মন্ত্ৰী অশোক সিংঘালে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল ৷ এই মন্তব্যৰ পিছত চন্দ্ৰপুৰবাসী আনন্দিত হৈছিল ৷

কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডাম্পিং গ্ৰাউণ্ডৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ চন্দ্ৰপুৰবাসী আশ্বস্ত হ’ব পৰা নাই ।তেওঁলোকে কয় যে- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেৱল গুৱাহাটীৰে মুখ্যমন্ত্ৰী নহয়, চন্দ্ৰপুৰৰো মুখ্যমন্ত্ৰী । সেয়ে মুখ্যমন্ত্ৰীগৰাকীক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চন্দ্ৰপুৰৰ উন্নয়নৰ কথা চিন্তা কৰিবলৈ আহ্বান জনোৱা হয় । লগতে চন্দ্ৰপুৰৰ সলনি বিকল্প স্থানত ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰাৰ লগতে সেই স্থানত বিজ্ঞানসন্মতভাৱে জাৱৰ নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই ৷

চন্দ্ৰপুৰৰ সলনি বিকল্প স্থানত হওক ডাম্পিং গ্ৰাউণ্ড

ইয়াৰ বিপৰীতে চন্দ্ৰপুৰত 120 কোটি টকা ব্যয় সাপেক্ষে হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰ্যক আদৰণি জনাই মঞ্চই । তদুপৰি শীঘ্ৰে ইয়াক কাৰ্যকৰী কৰিবলৈও ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ বিগত জুলাই মাহত চন্দ্ৰপুৰত ক’লা পতাকা (Black Flag) প্ৰদৰ্শন কৰি ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বিৰুদ্ধে ক’লা দিৱস (Black Day) পালন কৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ই ৷ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ লক্ষ্যৰে ৰাজহুৱাভাৱে ক’লা পতাকা প্ৰদৰ্শন কৰে মঞ্চই ৷ বিগত 26 জুনৰ পৰা গুৱাহাটী পৌৰ নিগমে (Guwahati Municipal Corporation) বলপূৰ্বকভাৱে ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি চন্দ্ৰপুৰত জাৱৰ পেলোৱা কাৰ্য আৰম্ভ কৰিছিল ৷

ইপিনে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ(National Green Tribunal)ৰ নীতি-নিৰ্দেশনা উলংঘা কৰি দীপৰ বিল(Dipor Bil)ৰ কিছু নিলগত পশ্চিম বৰাগাঁৱৰ হাউছফেডৰ প্ৰায় 60 বিঘা মাটিক ডাম্পিং গ্ৰাউণ্ড(Dumping Ground)লৈ পৰিণত কৰিছে গুৱাহাটী পৌৰ নিগমে(Guwahati Municipal Corporation) ৷ এই স্থানতে বিগত প্ৰায় এসপ্তাহ ধৰি আৱৰ্জনা পেলাই অহা কাৰ্যৰ বিৰোধিতা কৰিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই(Ramendra Narayan Kalita) । ইতিমধ্যে চৰকাৰী সিদ্ধান্তক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ অসন্তুষ্ট বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.