ETV Bharat / state

এসপ্তাহ ধৰি সন্ধান নাই মাজুলীৰ যুৱক প্ৰদীপৰ

author img

By

Published : Jun 15, 2021, 10:41 PM IST

উদ্ধাৰ হোৱা নাই মাজুলীৰ উদীয়মান যুৱক প্ৰদীপ হাজৰিকাৰ মৃতদেহ ৷ বিহপুৰীয়া সমষ্টিৰ জামুগুৰিত মথাউৰী মেৰামতিৰ বাবে জিঅ’ বেগৰ কাম কৰিবলৈ যোৱা মাজুলীৰ শালমাৰৰ উদীয়মান যুৱক প্ৰদীপ হাজৰিকা নাওৰ পৰা পিচলি ব্ৰহ্মপুত্ৰৰ সোঁতত পৰি নিৰুদ্দেশ হয় ৷

majuli boy missing by one week
এসপ্তাহ ধৰি সন্ধান নাই মাজুলীৰ যুৱক প্ৰদীপৰ

মাজুলী, 15 জুন : নিৰুদ্দেশৰ এসপ্তাহ হোৱাৰ পাছতো উদ্ধাৰ হোৱা নাই মাজুলীৰ উদীয়মান যুৱক প্ৰদীপ হাজৰিকাৰ মৃতদেহ ৷ এতিয়ালৈকে সন্ধান ওলোৱা নাই মাজুলী জিলাৰ শালমৰাৰ উদীয়মান যুৱক প্ৰদীপ হাজৰিকাৰ ।

জানিব পৰা মতে, লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰিত মথাউৰী মেৰামতিৰ বাবে জিঅ’ বেগৰ কাম কৰিবলৈ যোৱা মাজুলীৰ শালমাৰৰ উদীয়মান যুৱক প্ৰদীপ হাজৰিকা নাওৰ পৰা পিচলি ব্ৰহ্মপুত্ৰৰ সোঁতত পৰি যায় ।

এসপ্তাহ ধৰি সন্ধান নাই মাজুলীৰ যুৱক প্ৰদীপৰ

এছ ডি আৰ এফে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে যদিও উদ্ধাৰ হোৱা নাই প্ৰদীপ হাজৰিকাৰ মৃতদেহ ৷ ঘৰৰ একমাত্ৰ পুত্ৰ সন্তানৰ নিৰুদ্দেশৰ খবৰে বৃদ্ধ পিতৃ মাতৃৰ মূৰত সৰগ ভাগি পৰিছে ।

প্ৰদীপৰ খবৰে ঘৰখনৰ লগতে নহয় সমগ্ৰ গাওঁখনতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কৰিছে বুলি জানিব পৰা গৈছে । গাঁৱখনৰ ৰাইজে চৰকাৰ মাজুলী প্ৰশাসন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ প্ৰতি অনুৰোধ জনাইছে পুত্ৰৰ অবৰ্তমানত তেওঁলোকৰ প্ৰতি চৰকাৰে দৃষ্টি দিয়াৰ আহ্বান জনাইছে ৷

একমাত্ৰ পুত্ৰ প্ৰদীপ হাজৰিকাৰ বৃদ্ধ পিতৃয়েও কান্দি কান্দি চৰকাৰ তথা প্ৰশাসনক তেওঁলোকক সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : হায়াত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত দুমহীয়া শিশুৰ হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.