ETV Bharat / state

Mob Lynching in Jorhat :অনিমেষ হত্যাৰ বিৰুধিতাৰে মাজুলীত আছুৰ বিক্ষোভ

author img

By

Published : Dec 1, 2021, 6:32 PM IST

Jorhat Mob Lynching incident
অনিমেষ হত্যাৰ বিৰুধীতাৰে মাজুলীত আছুৰ বিক্ষোভ

অনিমেষ হত্যাৰ বিৰুধিতাৰে মাজুলীত অব্যাহত আছে আছুৰ বিক্ষোভ কাৰ্যসূচী ৷ অনিমেষ ভূঞা হত্যাকাণ্ড (Animesh Murder Case)ৰ লগত জড়িত আন 12 অভিযুক্তকো শাস্তি প্ৰদানৰ দাবীত উত্তাল মাজুলী ৷

মাজুলী, 1 ডিচেম্বৰ : অৱশেষত অন্ত হ’ল ক’লাৰ ক’লা অধ্যায় ৷ ক’লাৰ লগতে নিপাত যাওক ৰাজ্যৰ সকলো অপৰাধ প্ৰৱণতা ৷ ক’লা ল’ৰাৰ লগতে অনিমেষ ভূঞা হত্যাকাণ্ড (Animesh Murder Case)ৰ লগত জড়িত আন 12 অভিযুক্তকো শাস্তি প্ৰদানৰ দাবীত উত্তাল মাজুলী ৷

উল্লেখ্য যে, সোমবাৰে দিন-দুপৰীয়া অসংখ্য মানুহে গিজ-গিজাই থকা যোৰহাট চহৰৰ মাজ মজিয়াত এদল মানৱৰূপী দানৱে আছুৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক হত্যা কৰিছিল ৷ এই হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এই হত্যাকাণ্ডৰ বিৰুদ্ধে দোষীক শাস্তি প্ৰদানৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ কৰ্মী আৰু ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷

উল্লেখ্য যে, দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হ’ল মাজুলী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ মাজুলীতো জিলা ছাত্ৰ সন্থাই (Majuli AASU Union) ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী ৷ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত দ্বিতীয় দিনাও উত্তাল মাজুলীৰ পৰিৱেশ ৷

মাজুলীত অব্যাহত আছে আছুৰ বিক্ষোভ কাৰ্যসূচী

ইফালে বুধবাৰে পুৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডা ওৰফে নীৰজ দাস (Main Culprit Kola gunda of Mob lynching)ৰ ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে পুৱতি নিশা মাৰাথন জেৰাৰ অন্তত আৰক্ষীক ক’লা ল’ৰাই নিছিল চহৰখনত থকা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ ৷ কিন্তু আদবাটতে ক’লা ল’ৰাই আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই পিছে পিছে আহি থকা আৰক্ষীৰ আন এখন বাহনৰ খুন্দাত মৃত্যু হয় অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা গুণ্ডা ৷

Jorhat Mob Lynching incident
অনিমেষ হত্যাৰ বিৰুধীতাৰে মাজুলীত আছুৰ বিক্ষোভ

দুৰ্ঘটনাত পতিত হৈ ক’লা গুণ্ডাৰ মৃত্যু হয় যদিও ক’লা গুণ্ডাৰ মৃত্যুত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী ৷ মাজুলীত মাজুলী জিলা ছাত্ৰ সন্থাৰ দাবী, গ্ৰেপ্তাৰ কৰা আৰু ১২ জন অভিযুক্তক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰক অসম আৰক্ষী (Assam Police)য়ে, যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় ৷

লগতে পঢ়ক : Mob Lynching in Jorhat : অনিমেষ হত্যাৰ ন্যায়ৰ দাবীত মাজুলীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.