ETV Bharat / state

মাজুলীত দেউৰীসকলে উদযাপন কৰিলে ইবাঁকু বিচু

author img

By

Published : Apr 22, 2021, 8:39 PM IST

বৃহস্পতিবাৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ মাজুলীতো দেউৰীসকলে উদযাপন কৰে ‘ইবাঁকু বিচু’ উৎসৱ ৷ পৰম্পৰা অনুসৰি, এই উৎসৱত ঘৰৰ মুৰব্বীগৰাকীয়ে পৰিয়ালৰ মৃতকসকলৰ পিণ্ড দান কৰাৰ অন্তত ইজনে-সিজনৰ ঘৰলৈ গৈ বিচু উদযাপন কৰে ৷

majuli ebaku bishu
মাজুলীত ইবাঁকু বিচু

মাজুলী,22 এপ্ৰিল : অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলে বৃহস্পতিবাৰে উদযাপন কৰে পৰম্পৰাগত ‘ইবাঁকু বিচু’ ৷ ইয়াৰ সমান্তৰালকৈ মাজুলীতো দেউৰীসকলে উলহ-মালহেৰে ইবাঁকু বিচু উদযাপন কৰা পৰিলক্ষিত হয় ৷

এই বিচু উপলক্ষে মাজৰ দেউৰী, বালি দেউৰী, শ্ৰীৰাম দেউৰী গাঁৱত অতি উলহ-মালহেৰে বিচু বা বিহু উদযাপন কৰে । ঘৰৰ মুৰব্বীগৰাকীয়ে পৰিয়ালৰ মৃতকসকলৰ পিণ্ড দান কৰাৰ অন্তত ইজনে-সিজনৰ ঘৰলৈ গৈ বিচুৰ শুভেচ্ছা জনাই পৰম্পৰাগত কাজি আৰু চুঁজে খোৱাৰ পৰ্ব সম্পন্ন কৰে । আনহাতে, মহিলাসকলে কণী যুঁজ খেলাৰ উপৰিও বোকা খেলত ভাগ লয় । এই দিনটোতেই দেউৰীসকলে ‘চুৰিয়া পিন্ধোৱা’ নামৰ আন এক অনুষ্ঠানো পালন কৰে ।

মাজুলীত ইবাঁকু বিচু

পৰম্পৰা অনুসৰি, এই উৎসৱতেই কিশোৰ কালৰ পৰা যৌৱনৰ দুৱাৰদলিত ভৰি দিয়া 13-14 বছৰৰ ল’ৰাক চুৰিয়া পিন্ধোৱা হয় । চুৰিয়া পিন্ধা ল’ৰাবোৰক এই দিনটোৰ পৰাই ডেকা হিচাপে স্বীকৃতি দিয়ে দেউৰী সমাজে । বিচু তথা বিহুত অংশ লোৱা লোকসকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ মুখিয়ালগৰাকীৰ ঘৰত বিচু বা বিহু উদযাপন কৰে ৷

ইয়াৰ পাচত গাঁওখনৰ পূৱৰ পৰা পশ্চিমলৈ প্ৰতিঘৰতে বিচু মাৰি গাঁৱৰ মূৰৰ মুকলি পথাৰত বিহুক বিদায় জনায় । বিচুত দেউৰী সকলে দুৰুম, ককিলি, দেনটৌ, টকামাৰি, তাল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে । আনহাতে আৱৰব, হুৰাই, ৰাঙলী, লহৰীয়া, চিলাম-চিলাম, অটু চাপৰি, দেমা আদি নৃত্যও প্ৰদৰ্শন কৰা হয় ৷

মাজুলীৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম আকৰ দেউৰীসকলৰ লোক-সংস্কৃতিৰ অন্যতম অংগ বিচুৰ আনন্দই ৰঙীণ কৰি তুলিছে মাজুলীৰ আকাশ-বতাহ ।

লগতে পঢ়ক : মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.