ETV Bharat / state

Online fraud: কানাডিয়ান ছলাৰ এপে একে নিশাই লুটিলে মাজুলীৰ একাংশৰ বহু কোটি টকা

author img

By

Published : Jun 28, 2023, 4:04 PM IST

Online fraud
Online fraud

কানাডিয়ান ছলাৰ এপে একেনিশাই লুটিলে মাজুলীৰ একাংশ লোকৰ বহু কোটি টকা ৷ ইটিভি ভাৰতৰ বাতৰিৰ পিচতেই মাজুলীত কানাডিয়ান চলাৰ এপত পইচা বিনিয়োগ কৰা লোকৰ মাজত হাহাকাৰ ৷ মাজুলীৰ গুৱালগাঁৱত কাৰ্যালয় স্থাপন কৰি পেলাইছিল প্ৰৱঞ্চনাৰ জাল ৷ দিগন্ত হাজৰিকা নামৰ এগৰাকী যুৱকৰ ভৰসাতেই প্ৰৱঞ্চনাৰ চিকাৰ হৈছিল সহজ সৰল লোক ৷ দোষীক শাস্তিৰ দাবী সৰ্বস্বান্ত লোকৰ ৷

কোটিপতি হোৱাৰ সপোন দেখি সৰ্বস্বান্ত মাজুলীৰ একাংশ

মাজুলী, 28 জুন: মাজুলীত সহজ পথেৰে ধন উপাৰ্জনৰ মন মেলি সৰ্বস্বান্ত মাজুলীৰ একাংশ যুৱক ৷ CANADIAN SOLAR নামৰ অনলাইন এপত হাজাৰ হাজাৰ টকা বিনিয়োগ কৰি সৰ্বস্বান্ত এইসকল লোক । ভুৱা পৰিচয়েৰে মাজুলীৰে বহু গ্ৰাহকৰ পৰা কোটি কোটি টকা লুটি উধাও হোৱা কানাডিয়ান ছলাৰ নামৰ এপটোৰ বাতৰি প্ৰকাশ পোৱাৰ পাচত মাজুলীত ধন বিনিয়োগ কৰা গ্ৰাহকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

নামনি মাজুলীৰ গুৱালগাঁও তিনিআলিত এটা দোকান ঘৰ ভাড়ালৈ লৈ কানাডিয়ান ছলাৰৰ নামত সম্পূৰ্ণ অবৈধভাৱে কাৰ্যালয় খুলি প্ৰৱঞ্চনাৰ জাল পেলাই শ শ লোকক ধন বিনিয়োগ কৰোৱাই সৰ্বস্বান্ত হোৱা চক্ৰটো সম্প্ৰতি পোহৰলৈ আহিছে ৷ দিগন্ত হাজৰিকা নামৰ এগৰাকী লোকক ভৰসা কৰি ধন বিনিয়োগ কৰা বুলি বহুজনে জানিবলৈ দিয়াৰ লগতে বসন্ত শইকীয়া নামৰ শিক্ষকজনে সামাজিক মাধ্যমত পোষ্ট দি বিভিন্ন জনক ইয়াত যোগ দিবলৈ আহ্বান জনোৱা বুলি জানিব পৰা গৈছে ৷

উক্ত ঘটনাত জড়িত থকা বুলি অভিযোগ উঠা শিক্ষক বসন্ত শইকীয়াৰ পৰা এই বিষয়ে সাংবাদিকে জানিবলৈ বিচৰাত তেওঁ প্ৰথমে সকলো কথা অস্বীকাৰ কৰাৰ লগতে আত্মপক্ষ সমৰ্থন কৰাহে পৰিলক্ষিত হ’ল । তেওঁ কানাডিয়ান ছলাৰ এটা অবৈধ এপ বুলি কোৱাৰ লগতে এতিয়া সকলো সৰ্বস্বান্ত হোৱাৰ পিচতহে ইয়াত ধন বিনিয়োগ নকৰিবলৈ সকলোকে আহ্বান জনোৱা পৰিলক্ষিত হ’ল ।

ইফালে তেওঁ বিভিন্ন ৱাটছ এপ (WhatsApp) গ্ৰুপ আৰু অন্যান্য লোকক উক্ত এপত ধন বিনিয়োগ কৰিবলৈ উদগনি যোগোৱা বুলি বহুলোকে অভিযোগ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত তেওঁৰ পত্নীৰ নামতহে উক্ত কানাডিয়ান ছলাৰৰ এটা আইডি থকা বুলি কয় ৷ এফালে সকলো অভিযোগ খণ্ডন কৰি হঠাৎ ধৰ্ম যুধিষ্ঠিৰ হৈ পৰা শইকীয়াই মানুহক এই এপত ধন বিনিয়োগ নকৰিবলৈহে কোৱা বুলি কয় যদিও তেওঁৰ পত্নীয়ে এপটো ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে ৷

ইফালে অন্যান্য লোকে অভিযোগ উত্থাপন কৰি কয় যে শিক্ষক বসন্ত শইকীয়াই ফেচবুকৰ জৰিয়তে কানাডিয়ান ছলাৰ এপত ধন বিনিয়োগ কৰিবলৈ মানুহক আহ্বান জনাইছিল ৷ এই আহ্বানৰ পিচতেই বহু নিবনুৱা যুৱকে উক্ত এপত ধন বিনিয়োগ কৰিছিল ৷ এগৰাকীয়ে কাৰ্যালয় খুলি ধন বিনিয়োগ কৰিবলৈ প্ৰৰোচিত কৰা আৰু বসন্ত শইকীয়াই ফেচবুকত পোষ্ট দি প্ৰৰোচিত কৰা বুলি বিভিন্ন জনে অভিযোগ কৰি দুয়োজনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তোলে ৷

প্ৰথম অৱস্থাত দৈনিক টকা উপাৰ্জন হোৱাত লোকসকলে অধিক উপাৰ্জনৰ লোভত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল ৷ কিন্তু যোৱা ২১ জুনৰ পৰা বিনিয়োগ কৰা লোকসকলৰ দৈনিক উপাৰ্জিত ধন ব্যক্তিগত বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ পিচতো সেই ধন বেংক একাউন্টত নোসোমাল আৰু অৱশেষত যোৱা ২৫ জুনৰ নিশা এপটো চিষ্টেমৰ পৰা ডিলিট হৈ যায় ৷ ইয়াৰ লগে লগে এতিয়া ধন বিনিয়োগ কৰা মাজুলীৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

বহু লোকে আনৰ পৰা টকা ধাৰ কৰিও উক্ত এপত বিনিয়োগ কৰি এতিয়া ধন হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে ৷ জানিব পৰা মতে এই এপটোত মাজুলীৰ বহু কলেজৰ অধ্যাপক, শিক্ষক, চিকিৎসক, ঠিকাদাৰ, সম্ভ্ৰান্ত লোকেও ধন বিনিয়োগ কৰিছিল যদিও এতিয়া উক্ত উচ্চ শিক্ষিত বিনিয়োগকাৰী সকলে ধন হেৰুৱাৰ দুখ বুকুতে ৰাখি মুখলজ্জাৰ ভয়ত মুখ খুলিব বিচৰা নাই ৷

ইফালে মাজুলীৰ পৰাই আনুমানিক ১০ কোটিতকৈ অধিক টকা উক্ত এপছটোৱে লুট কৰা বুলি জানিব পৰা গৈছে ৷ ৫৫০ টকাৰ পৰা আৰম্ভ কৰি বহু টকা বিনিয়োগৰ বিভিন্ন প্লেন গ্ৰাহকৰ মাজত মুকলি কৰি দুই তিনিগুন পৰ্যন্ত গ্ৰাহকক প্ৰতিদিনে ধন উভটাই দি প্ৰথমে গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল CANADIAN SOLAR । অন্যহাতে এই ঘটনাত মুখ খোলাৰ বাবে শিক্ষক বসন্ত শইকীয়াৰ পত্নীয়ে ফোনযোগে গুৱাল গাঁৱৰ যুৱকক জেললৈ প্ৰেৰণ কৰা ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: Online fraud: প্ৰৱঞ্চনা ! সহজ ধনৰ লোভত পৰি গাঁঠিৰ ধন হেৰুৱালে মাজুলীৰ একাংশই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.