ETV Bharat / state

যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন আছুৰ

author img

By

Published : Jul 22, 2021, 10:23 PM IST

jorhat majuli bridge
যোৰহাট-মাজুলীত দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন আছুৰ

যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ গতিত আগবঢ়াবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিয়ে ৷ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে ছাত্ৰ সন্থাৰ এটা সঁজাতি দল ৷

মাজুলী, 22 জুলাই : মাজুলীবাসীৰ সপোন তথা পৰ্যটনৰ ক্ষেত্ৰত অধিক সম্ভাৱনা থকা যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ গতিত আগবঢ়াবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিয়ে ৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক দাবী জনাইছে আছুৱে ৷ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে ছাত্ৰ সন্থাৰ এটা সঁজাতি দল ৷

দলটো উপস্থিত হোৱাৰ পাচতে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে আছুৰ সঁজাতি দলটোৱে ৷ ইয়াৰ লগতে নিৰ্মাণকাৰী কোম্পানীৰ বিষয়াৰ লগত মত বিনিময় কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ পৰিদৰ্শন কালত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, মাজুলীবাসীয়ে বহু কষ্টৰ বিনিময়ত এই দলংখন পাবলৈ সক্ষম হৈছে ৷ সেয়েহে মাজুলীবাসীয়ে দলঙৰ নিৰ্মাণ কাৰ্যত তীক্ষ্ণ নজৰ ৰাখিব লাগিব ৷

সত্ৰাধিকাৰ, আছুৰ লগতে মাজুলীবাসীয়ে বহু ত্যাগ কৰাৰ পাছত পোৱা দলংখন যিমান পাৰে সোনকালে নিৰ্মাণ কাৰ্য শেষ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন আছুৰ

চৰকাৰে কোম্পানীটোক বান্ধি দিয়া 4 বছৰৰ সময়সীমাৰ ভিতৰত যাতে দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়, তাৰ বাবে চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনাই শংকৰজ্যোতি বৰুৱাই ৷ "অসমত হোৱা ডাঙৰ ডাঙৰ প্ৰজেক্ট বা দলং নিৰ্মাণ কাৰ্য সদায় লেহেমীয়া গতিত হয় ৷ গতিকে এই দলংখন যাতে লেহেমীয়া গতিত নিৰ্মাণ নহয় তাৰ ওপৰত ৰাইজে চকু দিব লাগিব" ৷ সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে শংকৰজ্যোতি বৰুৱাই ৷

লগতে পঢ়ক: বৰপেটাৰ পক্ষী নিধন থলীত ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.