ETV Bharat / state

Lok Sabha Elections 2024: ‘য’তেই খালী মাটি চকুত পৰিছে সেইখিনিকেই দখল কৰি লৈছে মুখ্যমন্ত্ৰীয়ে’- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:29 AM IST

APURBA KUMAR BHATTACHARJEE slams BJP in majuli
ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

মাজুলী গড়মূৰস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বৃহস্পতিবাৰে সম্বোধন কৰে এক সংবাদ মেলৰ ৷ সংবাদ মেলত বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷ 13 অক্টোবৰ অৰ্থাৎ আজিৰে পৰা মাজুলীৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী ৷

কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

মাজুলী,13 অক্টোবৰ: শুকুৰবাৰৰে পৰা মাজুলীৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী ৷ মাজুলী গড়মূৰস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখ পাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বৃহস্পতিবাৰে এখন সংবাদমেলৰ আয়োজন কৰে । এই সংবাদ মেলৰ জৰিয়তে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ভূপেন বৰাৰ নেতৃত্বত অসমৰ সৰ্বস্তৰৰ ৰাইজৰ লগত কংগ্ৰেছ দলৰ যি সম্পৰ্ক সেই সম্পৰ্ক আৰু সুদৃঢ় কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনায় ।

এই সংবাদ মেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক বিজেপিৰ অমৃত কলহ অভিযানক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰী সন্দৰ্ভতো মুখ্যমন্ত্ৰীক কটাক্ষ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ ইফালে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয় জনগোষ্ঠীয় ৰাইজ বিজেপি চৰকাৰ বিৰুদ্ধে ক্ষোভিত হৈছে বুলি কয় ।

ইফালে এই সংবাদমেলত বিজেপি চৰকাৰক কটাক্ষ কৰি ভট্টাচাৰ্যই কয়, "আজিৰ তাৰিখত অসমত এজন মানুহৰ মানদণ্ড এখন অৰুণোদয় আঁচনি ।" কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাই কয় যে অৰুণোদয় আঁচনি নহয়, কর্ম সংস্থাপনৰ বাবে চৰকাৰে চিন্তা কৰিব লাগে যিয়ে জনগণক স্বনির্ভৰশীল হৈ থাকিবলৈ সুবিধা প্ৰদান কৰিব ।

আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সম্পৰ্কত সোধাত তেওঁ কয় যে, মিত্ৰজোঁটত থাকিও কংগ্ৰেছে নিজাববীয়াকৈ 14 টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল সাজু কৰিছে বুলি যি তালিকা ওলাইছে এই তালিকাখন কংগ্ৰেছৰ দলৰ পৰা ওলোৱা তালিকা নহয় । এইখন তালিকা লৈ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই অনুসন্ধান কৰিছে বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ মুখ পাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।

আজিৰে পৰা আৰম্ভ হ’বলগীয়া চাঙে চাঙে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, ৰাণা গোস্বামী, দেৱব্ৰত শইকীয়াৰ লগতে দলীয় কৰ্মকৰ্তাই ।

লগতে পঢ়ক : Bicycle Distributions: নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.