Teachers Absence in Majuli : শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাকো মাজুলীৰ শিক্ষকে অমান্য কৰাৰ অভিযোগ

author img

By

Published : Dec 20, 2022, 4:01 PM IST

Updated : Dec 20, 2022, 6:43 PM IST

Majuli teacher ignores education minister order

মাজুলীত শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাক চূড়ান্ত ভেঙুচালি শিক্ষকৰ । প্ৰাতঃসভাতে উপস্থিত নাথাকে মাজুলীৰ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী(Teachers absence in Majuli) । ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে চৰম অৰাজকতা ।

চৰম অৰাজকতা ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

মাজুলী, ২০ ডিচেম্বৰ : যিসময়ত ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে, সেই সময়তে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শোচনীয় অৱস্থা পোহৰলৈ আহিছে (Pathetic condition of Assam government schools) । ইতিমধ্যে কেন্দ্রীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যতো (Union Ministry of Education report) স্পষ্ট হৈ পৰিছে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা স্বৰূপটো ।

কেতিয়াবা যদি ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিক লৈ, আন কেতিয়াবা আকৌ ছাত্র-ছাত্ৰীসকলে লাভ কৰা গুণগত শিক্ষাক লৈও উত্থাপন হৈ আহিছে বিভিন্ন প্ৰশ্ন । ইফালে চৰকাৰী বিদ্যালয়সমূহত সময়মতে শিক্ষক উপস্থিত নোহোৱাৰ অভিযোগো বহু পুৰণি । প্ৰায়েই সংবাদ শিৰোনাম দখল কৰে শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বাতৰিয়ে । তাৰপাছতো চৰকাৰে অবিৰতভাৱে বজাই গৈছে শিক্ষাখণ্ডৰ উন্নয়ণৰ বৰঢোল ।

মাজুলীৰ শিক্ষাখণ্ডত আচলতে কি চলিছে সেয়া হৈ পৰিছে আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন ৷ যিসকল শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত ভিত্তি কৰি ছাত্র-ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে সেইসকল শিক্ষক-শিক্ষয়িত্ৰীয়েই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশক লৈ ল'ৰা-ধেমালি খেলা পৰিলক্ষিত হৈছে মাজুলীৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানত । অভিযোগ অনুসৰি মাজুলীৰ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ(Bhakatiduar Higher secondary School) একাংশ শিক্ষক আহে নিজৰ খেয়ালখুচি মতে ।

বিদ্যালয়খনত ২৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে যদিও নিজৰ খেয়ালখুচি মতে বিদ্যালয়লৈ অহাৰ অভিযোগ উত্থাপন হৈছে(Teachers absence in Majuli) ৷ যি সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে বিদ্যালয়সমূহত প্ৰাতঃসভাৰ পূৰ্বেই বিদ্যালয়ত শিক্ষকসকলক উপস্থিত থকাৰ বাবে চৰকাৰী নিৰ্দেশযোগে আহ্বান জনাইছে সেই সময়ত ভকতিদুৱাৰ বিদ্যালয়ৰ প্ৰাতঃসভাত উপস্থিত নাথাকে একাংশ শিক্ষক-শিক্ষয়ত্ৰী ৷ প্ৰাতঃসভা দূৰৰে কথা ১০:৩০ বজা পৰ্যন্ত একাংশ শিক্ষক উপস্থিত নাথাকে বিদ্যালয়ত ৷

এক প্ৰকাৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষামন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাইছে (Majuli teacher ignores education minister order) । বিভিন্নধৰণৰ অজুহাত দেখুৱাই বিদ্যালয়ত পলমকৈ উপস্থিত হয় শিক্ষক-শিক্ষয়িত্ৰী । বিদ্যালয়খনৰ অধক্ষ্যৰো এই সন্দৰ্ভত গা এৰা মন্তব্য । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিদ্যালয়খনৰ শিক্ষকে আকৌ অভিযোগ তুলিলে শিক্ষা বিভাগৰ বিৰুদ্ধেহে । টিউটৰ হিচাবে নিযুক্তি দিয়াৰ ফলত আৰ্থিকভাৱে দুৰ্বল হোৱাৰ হেতু বিদ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ অজুহাত একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ ।

এই অৰাজকতা চলি থকাৰ মাজতে আন এক সমস্যাই দেখা দিছে বিদ্যালয়খনত । যোৰহাট জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা বিদ্যালয়খনৰ শিক্ষয়িত্ৰী জোনমনি বৰালৈ বদলিৰ জাননী অহাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষক তথা অভিভাৱকসকলে । শিক্ষয়ত্ৰীগৰাকীক বিদ্যালয়তে ৰখাৰ আহ্বান জনালে ছাত্ৰ-ছাত্ৰীসকলে ৷ বিদ্যালয়খনত চলি থকা অৰাজকতা তথা সমস্যাসমূহৰ বিষয়ে বিভাগে কিবা চকু দিবনে ? সেয়া সচেতন ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক: One Death of Electric Shock: পানীৰ পাম্পত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Last Updated :Dec 20, 2022, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.