ETV Bharat / state

মাজুলী দলঙৰ অনুসন্ধান প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট দল-সংগঠন

author img

By

Published : May 6, 2022, 9:41 PM IST

ajycp-not-satisfied-with-nahi-team-work
কাৰিকৰী দলৰ কাম-কাজক লৈ সন্তুষ্ট নহয় অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

মাজুলী-যোৰহাট দলঙৰ (Jorhat Majuli connecting Bridge) খুঁটাৰ বিসংগতিৰ (Jorhat Majuli Bridge has cracke) অনুসন্ধানৰ বাবে বৃহস্পতিবাৰে উপস্থিত হৈছিল ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু কাৰিকৰী বিভাগৰ এটা দল ৷ পিছে কাৰিকৰী দলৰ কাম-কাজক লৈ সন্তুষ্ট নহয় অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

মাজুলী, 6 মে’: মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) । 925.47 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া 8.25 কিলোমিটাৰ দৈঘ্যৰ এই দলঙখনৰ খুঁটা নিৰ্মাণৰ কাম চলি থকাৰ মাজতে ধৰা পৰিছে বিসংগতি ৷ (Construction of Jorhat Majuli Bridge is going on) বিগত 1 মে’ ত স্থানীয় দল সংগঠনৰ প্ৰতিনিধিয়ে দলঙখনৰ কাম-কাজ চাবলৈ যোৱাৰ সময়তে দলংখনৰ 8 আৰু 11 নম্বৰৰ দুটাকৈ খুঁটাত প্ৰকাণ্ড ফাঁট মেলাৰ কথা পোহৰলৈ আহিছিল (Jorhat Majuli Bridge has cracke) ।

সাংবাদিকৰ দল, স্থানীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে দলং নিৰ্মাণকাৰী সংস্থাক জবাবদিহি কৰাৰ পিছত নিৰ্মাণস্থলীত উপস্থিত হৈছিল ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্য । বহু প্ৰত্যাশিত দলং খনৰ নিৰ্মাণত দলঙখনৰ মূল নিৰ্মাণকাৰী সংস্থা UP State Bridge Corporation এ প্ৰাৰম্ভিক অৱস্থাতে অনিয়ম সংঘটিত কৰাৰ খবৰে চিন্তাত পেলাইছে মাজুলীবাসীক ।

কাৰিকৰী দলৰ কাম-কাজক লৈ সন্তুষ্ট নহয় অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

দলং নিৰ্মাণস্থলীত উপস্থিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিখিলেশ ভট্টাচাৰ্যৰ লগত এক আলোচনাত মিলিত হৈছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সঁজাতি দলে ৷

এই আলোচনাৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথ অভিযন্তা প্ৰশান্ত শইকীয়াৰ লগত টেলিফোনত বাৰ্তালাপ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই মাজুলী-যোৰহাট দলঙখনৰ কাম-কাজ নিখুঁতভাৱে কৰাৰ লগতে প্ৰতিটো খুঁটাৰ কাম কাৰিকৰী দলৰ হতুৱাই পৰীক্ষা নকৰোৱাৰ পৰ্যন্ত কাম বন্ধ ৰখাৰ দাবী জনাইছিল ।

তেওঁলোকৰ দাবীৰ প্ৰতি সন্মান জনাই বন্ধ ৰাখিছিল দলঙৰ কাম । বৃহস্পতিবাৰে কাৰিকৰী দল এটাই এই খুঁটাৰ কাম পৰীক্ষা কৰিছে (NAHI persons visited majuli to inspect the construction) যদিও এই কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । ইফালে দক্ষিণ পাট গৃহাস্বমী সত্ৰৰ সত্ৰাধিকাৰ জন্নাৰ্দন দেৱ গোস্বামীয়েও কাৰিকৰী দলৰ এই কামক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

তেওঁ কয় যে, কাৰিকৰী দলে যিদৰে দলঙৰ ফাঁট থকা ঠাইত প্ৰলেপ লগাই খুঁটাৰ বিসংগতি দূৰ কৰিব লৈছে এনেদৰে বিসংগতি দূৰ কৰিব নোৱাৰে । গতিকে এই দলঙৰ নিৰ্মাণত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়াকৈ হস্তক্ষেপ বিচাৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে ।

লগতে পঢ়ক : দলঙৰ খুঁটাৰ ফাঁট; ঘটনাৰ ওৰ বিচাৰি মাজুলীত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.