ETV Bharat / state

মাজুলীত আছুৰ বিক্ষোভ : শীঘ্ৰেই মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী

author img

By

Published : Oct 10, 2022, 9:09 PM IST

সোমবাৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই তেজস্বিতা বৰুৱাৰ মৃত্যুকলৈ প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest against Tejaswita Baruah's death) ৷ লগতে কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই (Tejaswita Baruah's death to be probed) ৷

aasu-protest-against-tejaswita-baruahs-death-in-majuli
মাজুলীত আছুৰ বিক্ষোভ: শীঘ্ৰেই মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী

মাজুলী, 10 অক্টোবৰ: মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু (Tejaswita Baruah's death) সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে অব্যাহত আছে প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই তেজস্বিতা বৰুৱাৰ মৃত্যুকলৈ প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest against Tejaswita Baruah's death) ৷

মাজুলী জিলা সদৰত অৱস্থিত গড়মূৰ চিকিৎসালয়ৰ পয়ালগা স্বৰূপটোৰ (Poor condition of Majuli Garhmur hospital) বিৰুদ্ধে লগতে প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তৰ দাবীত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই চিকিৎসালয়খনৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বছৰ বছৰ ধৰি ৰোগীৰ লগত হেতালি খেলা মাজুলীৰ স্বাস্থ্য বিভাগটো অনতিপলমে উন্নত কৰিবলৈ অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰি অহা হৈছে ৷

কিন্তু আজিপৰ্যন্ত মাজুলীবাসী সেই সুবিধাৰ পৰা বঞ্চিত বুলি অভিযোগ উত্থাপন কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই ৷

মাজুলীত আছুৰ বিক্ষোভ: শীঘ্ৰেই মাজুলীত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী

বিশেষকৈ মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা, মাজুলীত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসকৰ নিযুক্তি দিয়া, প্ৰতিখন চিকিৎসালয়ত পৰ্যাপ্ত উন্নত চিকিৎসা সেৱা প্ৰদান কৰা, প্ৰতিখন চিকিৎসালয়ত আই চি ইউ আৰু ভেন্টিলেশ্যন স্থাপন কৰা ইত্যাদি দাবীও উত্থাপন কৰে সংগঠনটোৱে ৷ মাজুলীৰ কি কাৰণত দীৰ্ঘদিনৰ পৰা এক্স-ৰে সেৱা বন্ধ হৈ আছে আৰু কিয় আজিপৰ্যন্ত নৌকা এম্বুলেন্স আৰু নৈশ এম্বুলেন্স বন্ধ হৈ আছে তাকো প্ৰশ্ন উত্থাপন কৰি শীঘ্ৰেই সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই ৷

সমান্তৰালভাৱে মাজুলীৰ উদীয়মান শিল্পী কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই (Tejaswita Baruah's death to be probed) ৷

লগতে পঢ়ক: City bus fares hiked: এতিয়াৰে পৰা চিটি বাছত উঠিলেই দিব লাগিব দহ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.