ETV Bharat / state

মাজুলীত শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : May 15, 2021, 4:57 PM IST

a-youth-of-majuli-become-self-dependent-by-chili-cultivation
মাজুলীত শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

লক ডাউনৰ বাবে কৰ্মসংস্থাপন হেৰুৱাই হতাশ হোৱা বহু যুৱক-যুৱতীৰ বাবে সাহস হ'ব পৰাকৈ এক উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰিছে যোৰহাট টিয়কৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে ৷ কিন্তু কি কৰিছে এই যুৱকজনে ?

মাজুলী,15 মে': দেশজুৰি অব্যাহত থকা কৰ'ণা মহামাৰীৰ সংহাৰ তথা লক ডাউনৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাইছে দেশৰ লগতে অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে ৷ লক ডাউনৰ বাবে সকলো কাম অচল হৈ পৰাৰ বাবে খালি হাতে অসমলৈ ঘূৰি আহিব লগীয়া হৈছে কৰ্মসূত্ৰে বহিঃৰাজ্যৰ বিভিন্ন কোম্পানীত নিয়োজিত হৈ থকা বহু যুৱক যুৱতী ৷ ইয়াৰ মাজতে এই সকল যুৱতীৰ বাবে সাহস হ'ব পৰাকৈ এক নিদৰ্শন ডাঙি ধৰিছে যোৰহাট জিলাৰ টিয়কৰ এজন উচ্চ শিক্ষিত যুৱকে ৷ কিন্তু কি কৰিছে এইজন যুৱকে ? শুনক যুৱক জনৰ মুখেৰেই...

মাজুলীত শিক্ষিত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

উল্লেখ্য যে,যোৰহাট জিলাৰ টিয়কৰ পৰা আহি মাজুলীত প্ৰায় 7 বিঘা মাটি লিজত লৈ কুইন প্ৰজাতিৰ ভোট জলকীয়া খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰা এইজন যুৱকৰ নাম কুশল ফুকন । কুশল ফুকনে লগত আৰু 5 জন শিক্ষিত যুৱকক লগত লৈ অৱ্যাহত ৰাখিছে ভোট জলকীয়াৰ খেতি। মাহে ভোট জলকীয়া বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱক কেইজনে । ভোট জলকীয়া উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বজাৰলৈ ৰপ্তানি কৰি বজাৰ দখল কৰিবলৈ সক্ষ্যম হৈছে বুলি জনাইছে যুৱকজনে ৷

লগতে পঢ়কঃটিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.