ETV Bharat / state

অসম চৰকাৰৰ বৃহৎ নিযুক্তিৰ দিনটোতে মাজুলীৰ এটা পৰিয়ালত কান্দোনৰ ৰোল

author img

By

Published : Sep 23, 2022, 9:24 PM IST

প্ৰায় ৩৪ বছৰে হৰিঘাট ৰাঙলীবাহাৰ বালিকা বিদ্যালয়ত চকীদাৰ হিচাপে জীৱনৰ মূল্যবান সময় ত্যাগ কৰিও স্বীকৃতি নাপালে জীতেন বৰা নামৰ লোকজনে (School employee deprived of govt recognition)৷ যিটো দিনত ৰাজ্যৰ বহু পৰিয়ালৰ মাজত আনন্দৰ উজান উঠিছে ঠিক তেনে সময়তে মাজুলীৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল উঠা দেখা পোৱা গৈছে ৷

school employee deprived of govt recognition
school employee deprived of govt recognition

মাজুলী, 23 ছেপ্টেম্বৰ: আজি ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বহু যুৱক-যুৱতীৰ মুখলৈ হাঁহি বিৰিঙাই বিভিন্ন বিভাগত বহু হাজাৰ নিৱনুৱাক প্ৰদান কৰিলে নিযুক্তি পত্ৰ (Govt recruitment in Assam)৷ যিটো দিনত ৰাজ্যৰ বহু পৰিয়ালৰ মাজত আনন্দৰ উজান উঠিছে ঠিক তেনে সময়তে মাজুলীৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল উঠা দেখা পোৱা গৈছে ৷

প্ৰায় ৩৪ বছৰে হৰিঘাট ৰাঙলীবাহাৰ বালিকা বিদ্যালয়ত চকীদাৰ হিচাপে জীৱনৰ মূল্যবান সময় ত্যাগ কৰিও স্বীকৃতি নাপালে জীতেন বৰা নামৰ লোকজনে ৷ বিদ্যালয়খনৰ বাবে পৰিশ্ৰম কৰাৰ লগতে নিজৰ একমাত্ৰ খেতি মাটি দান দি ১৯৮৮ চনৰ পৰা বিদ্যালয় খনত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে জীতেন বৰা (school employee deprived of govt recognition) ৷

অসম চৰকাৰৰ বৃহৎ নিযুক্তিৰ দিনটোত মাজুলীৰ এটা পৰিয়ালত কান্দোনৰ ৰোল

লগতে পঢ়ক: পৰিয়ালসহ আত্মজাহৰ ভাবুকিৰে প্ৰতিবাদত নামিল এজন শিক্ষক

কিন্তু চৰকাৰীকৰণ হোৱাৰ পৰা জীতেন বৰা বঞ্চিত হোৱাত মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে (Jiten Bora deprive of govt recognition)৷ আজি লোকজনৰ পৰিয়ালটো হৰিঘাট ৰাঙলীবাহাৰ বালিকা বিদ্যালয়ৰচৌহদত উপস্থিত হৈ কান্দোনত ভাগি পৰা দৃশ্যই বিদ্যালয় খনৰ শিক্ষক সকলকো আৱেগিক কৰি তুলিলে ৷

পৰিয়ালটোৱে মুখ্যমন্ত্ৰীলৈ আমাক বঞ্চিত নকৰি ৩৪ বছৰীয়া ত্যাগক স্বীকৃতি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে । বিদ্যালয়খনৰ বাবে পৰিশ্ৰম কৰিব লগা হোৱাৰ বাবেই খেতি-পথাৰ, অন্য কাম কৰিও পৰিয়াল পোহপালৰ চিন্তা নকৰাৰ বাবে চিৰজীৱন অভাৱ আৰু অনাটনৰ মাজত সময় অতিবাহিত কৰি আজিৰ তাৰিখত চৰকাৰৰ পৰা এয়াই স্বীকৃতি পোৱা বুলি হুকহুকাই কান্দি উঠে জীতেন বৰা ৷

ভূমি দান দি ৩৪ বছৰ পৰিশ্ৰম কৰি জীতেন বৰাই কিয় চৰকাৰৰ স্বীকৃতি নাপালে বুলি প্ৰশ্ন তোলে জীতেন বৰাৰ কন্যাই ৷ কাৰ ভুলৰ বাবে জীতেন বৰা এইদৰে বঞ্চিত হ’ব লগা হ’ল বুলি প্ৰশ্ন তুলি পৰিয়ালৰ লোকে তেওঁলোকৰ লগত হোৱা অন্যায়-অবিচাৰৰ এক উচিত তদন্ত হ’ব লাগে বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়ক: এক লাখ নিযুক্তিত হিমালয়েও বাধা দিব নোৱাৰে: মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.