পৰিয়ালসহ আত্মজাহৰ ভাবুকিৰে প্ৰতিবাদত নামিল এজন শিক্ষক

author img

By

Published : Sep 23, 2022, 6:10 PM IST

Teacher sit in protest for his job in Mangaldoi

পদপথত এগৰাকী শিক্ষকৰ ক্ৰন্দন ৷ কাষত তেওঁৰ পত্নী আৰু কণমানি কন্যা ৷ হাতত একোখনকৈ প্লে’কাৰ্ড ৷ মুখত হতাশাৰ চিন, দুচকুত প্ৰচণ্ড ক্ষোভ ৷ কাৰণ মানুহজন উপায়হীন (Teacher protest in Mangaldoi) ৷

মঙলদৈ, 23 ছেপ্টেম্বৰ: মঙলদৈত ফুটপাথত প্ৰতিবাদত বহিল এগৰাকী শিক্ষক (Teacher sits on protest)৷ চাকৰি হেৰুৱাই দিশহাৰা হৈ পৰা শিক্ষকগৰাকীৰ যেন ইয়াৰ বাহিৰে আৰু কোনো উপায় নাছিল ৷ সেয়ে কাষত পত্নী-কন্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে শিক্ষকগৰাকীয়ে (Teacher sit in protest for his job in Mangaldoi) ৷ কিন্তু কিয় চাকৰি হেৰুৱাইছিল এই শিক্ষকজনে ? তাৰো আছে এক দীঘলীয়া কাহিনী ৷

1999 চনত শিক্ষক বৃত্তিত নিয়োজিত হৈছিল দৰং জিলাৰ দেওমৰনৈৰ কুলেন কলিতা ৷ নিযুক্তিৰ নিয়ম অনুসৰি দৰমহা-পাতিও পাইছিল ৷ কিন্তু হঠাৎ যেন সকলো সলনি হৈ গ’ল (Teacher lost his job in Darrang) ৷ প্ৰায় 12 বছৰ চাকৰি কৰাৰ পাচত 2012 চনত চাকৰি হেৰুৱাই এইগৰাকী কুলেন কলিতাৰ লগতে সেইসময়ত নিযুক্তি পোৱা দৰঙৰ প্ৰায় 250 গৰাকী শিক্ষকে ৷ ঘৰত পৰিয়াল আছে ৷ চাকৰি নহ’লে পৰিয়াল নচলে দিক্ভ্ৰান্ত হৈ পৰিল কলিতা ৷

পৰিয়ালসহ আত্মজাহৰ ভাবুকিৰে প্ৰতিবাদত নামিল এজন শিক্ষক

লগতে পঢ়ক: এক লাখ নিযুক্তিত হিমালয়েও বাধা দিব নোৱাৰে: মুখ্যমন্ত্রী

যোৱা প্ৰায় 10 বছৰে চাকৰিটোৰ বাবে যুঁজি দি কুলেন কলিতা এতিয়া ক্লান্ত ৷ সেয়ে উপায়হীন হৈ পৰিয়াল সহিতে ফুটপাথত প্ৰতিবাদত বহিল কলিতা (Teacher Kulen Kalita in protest) ৷

মঙলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদত বহা কলিতাৰ দাবী, তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰিব লাগে ৷ অন্যথা আত্মহত্যা কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব তেওঁলোকৰ ৷ এবাৰ হ’লেও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব খুজিছে এই শিক্ষক গৰাকীয়ে ৷

হঠাৎ জীৱনলৈ অমানিশা নামি অহা কুলেন কলিতাৰ বিননি চৰকাৰে শুনিবনে ? কি হ’ব কুলেন কলিতাৰ দৰে শিক্ষকসকলৰ ? হাজাৰ বিজাৰক চাকৰি দিয়া চৰকাৰৰ এইসকল শিক্ষকৰ ক্ষেত্ৰত কিবা ব্যৱস্থা ল’ব নে ? নে এনেকৈ পেটত গামোচা বান্ধি হা-হুমুনিয়াহৰ মাজেৰে জীৱন কটাব লাগিব তেওঁলোকে ?

লগতে পঢ়ক: ন্যায্য প্ৰাপ্তিৰ দাবীত বিহপুৰীয়াত প্ৰতিবাদত বহিল ৰন্ধন কৰ্মীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.