ETV Bharat / state

ঐতিহাসিক শতজান জলাশয়ত ৰোপণ গছপুলি

author img

By

Published : Jun 5, 2020, 8:54 PM IST

World environment day celebration naoboicha lakhimpur assam etv bharat news
ঐতিহাসিক শতজান জলাশয়ত ৰোপণ গছপুলি

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নাওবৈচাৰ ঐতিহাসিক শতজান জলাশয়ৰ পাৰত ৰোপণ গছপুলি ৷ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জিলা উন্নয়ন বিভাগে গ্ৰহণ কৰে এই প্ৰশংসনীয় পদক্ষেপ ৷

নাওবৈচা,5 জুন: প্ৰায় 500 বিঘা বিশাল ভূমিৰে আগুৰি থকা বিভিন্ন দেশী-বিদেশী আলহী পক্ষীৰ নিৰাপদ আশ্ৰয়স্থলী লখিমপুৰৰ ঐতিহাসিক শতজান জলাশয়ৰ পাৰত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ শতাধিক গছপুলি ৰোপণেৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে জিলা উন্নয়ন বিভাগৰ লগতে পথ স্বেচ্ছাসেৱী সংগঠনে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ লগতে জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱা আৰু ‘My Govt assam’ৰ লখিমপুৰ জিলাৰ তত্বাৱধায়ক মিঠুৰঞ্জন দাস ৷ উক্ত কাৰ্যসূচীত নাওবৈচা প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সৈতে বিজেপিৰ লখিমপুৰ জিলা অ’বিচি মৰ্চাৰ সভাপতি ডিম্বেশ্বৰ গগৈ, নাওবৈচা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জিত পাৱেৰসহ বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

শতজান জলাশয়ত ৰোপণ গছপুলি

লগতে চাওকঃ কি কি নিয়ম বাহাল থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.