ETV Bharat / state

লখিমপুৰত গজৰাজৰ উপদ্ৰৱ

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 5:10 PM IST

wild elephant terror in Assam Arunachal border
লখিমপুৰত গজৰাজৰ উপদ্ৰৱ

Wild Elephant Terror: লখিমপুৰৰ অৰুণাচল সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ । পথাৰৰ পকা ধান খাই তহিলং বন্যহস্তীৰ । স্থানীয় বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ।

লখিমপুৰত গজৰাজৰ উপদ্ৰৱ

লখিমপুৰ,২১ ডিচেম্বৰ : লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে । কৃষকে পথাৰৰ পৰা ধান চপাই লৈ যোৱাৰ পূৰ্বে বন্যহস্তীয়ে খেতিপথাৰত সন্ত্ৰাস চলাইছে । এফালৰ পৰা খাই নষ্ট কৰিছে পথাৰৰ পকা ধান । যাৰ বাবে অতিষ্ঠ হৈ পৰিছে একাংশ কৃষক । বৃহস্পতিবাৰেও পুৱাই লখিমপুৰ জিলাৰ অৰুণাচল সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত বন্যহস্তী প্ৰৱেশ কৰি উপদ্রৱ চলায় ।

পথালি পাহাৰৰ সমীপৱৰ্তী জয়পুৰ, মধুপুৰ আদিকে ধৰি বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই ৩ টা হাতীয়ে । আনকি পথাৰৰ পৰা ঘৰলৈ অনা পকা ধানো খাই তহিলং কৰিছে বন্যহস্তীয়ে । জনবহুল অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ।

বৃহস্পতিবাৰে পুৱাই লখিমপুৰ জিলাৰ পথালি পাহাৰৰ সমীপৰ জয়পুৰ মধুপুৰত কেইবাটাও বনৰীয়া হাতী প্ৰৱেশ কৰে আৰু লোকসকলৰ ঘৰ-বাৰীত উপদ্ৰৱ চলায় । এই সন্দৰ্ভত হাৰমতি, বিহপুৰীয়াৰ বন বিভাগক খবৰ দিয়াৰ পাছতো হাতী খেদিবলৈ সময়ত উপস্থিত নহয় বন বিভাগৰ লোকসকল । যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ লোকসকল ।

উল্লেখ্য যে বিগত বহু দিনৰ পৰাই পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে । অভিযোগ অনুসৰি স্থানীয় ৰাইজে হাৰমতি আঞ্চলিক বন বিভাগক খবৰ দিয়াৰ পাছতো তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজ এতিয়া বিপদত পৰিছে । বিভাগে তৎপৰতাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ডাঙৰ অঘটন ঘটিব বুলিও ৰাইজে আশংকা কৰিছে ।

লগতে পঢ়ক :গজৰাজৰ উপদ্ৰৱ সহিব নোৱাৰি শংকিত লখিমপুৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.