ETV Bharat / state

নাৰায়ণপুৰত গাঞ্জাসহ দুজনক আটক

author img

By

Published : Aug 23, 2021, 11:37 AM IST

দেওবাৰে নাৰায়ণপুৰৰ মাজৰ চাপৰিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ(Narayanpur Police) ৷ ইয়াৰ মাজৰ এজন সৰবৰাহকাৰী বিজেপিৰ এগৰাকী স্থানীয় নেতা বুলি জানিব পৰা গৈছে ।

two-smugglers-arrested-with-ganja-at-narayanpur
নাৰায়ণপুৰত ভাংসহ দুজনক আটক

বিহপুৰীয়া, 23 আগষ্ট : নাৰায়ণপুৰৰ মাজৰ চাপৰিত দেওবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা(Ganja) জব্দ কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰ আৰক্ষী(Narayanpur Police) ৷ লগে লগে মণিকুমাৰ দেউৰী আৰু চিভিল দেউৰী নামৰ দুজন গাঞ্জা সৰবৰাহকাৰীকো কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ চিভিল দেউৰী নামৰ সৰবৰাহকাৰীজন বিজেপিৰ এগৰাকী স্থানীয় নেতা বুলি জানিব পৰা গৈছে ।

দুয়োজন সৰবৰাহকাৰী দীৰ্ঘদিন ধৰি অবৈধ গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ আগন্তুক দিনত গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত আন কেইবাজনো লোক আটক হোৱাৰ সম্ভাৱনা আছে ৷

নাৰায়ণপুৰত গাঞ্জাসহ দুজনক আটক

লগতে পঢ়ক: চিলনীজানত আৰক্ষীৰ জালত হেৰ'ইনসহ এজন

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে(Assam Police) ৷ দুৰ্নীতি তথা অপৰাধ নিৰ্মূলৰ হকে ৰাজ্য প্ৰশাসন কঠোৰ হোৱাৰ পাচতো নাকী লগাবলৈ সক্ষম হোৱাৰ নাই অপৰাধীক ৷ ড্ৰাগছ, (Drugs) গাঞ্জা, চুলাই মদ আদি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) দায়িত্ব গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বেহা উৎখাত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেয়েহে প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বেহা উৎখাত কৰাৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত অপৰাধীসকলক আটক কৰি আছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ সংযোগস্থলীলৈ পৰিনত হৈছে গোৱালপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.