নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ সংযোগস্থলীলৈ পৰিনত হৈছে গোৱালপাৰা

author img

By

Published : Aug 21, 2021, 5:35 PM IST

traders-of-illegal-intoxicating-element-coming-from-neighbouring-state-got-arrested-by-assam-police

গোৱালপাৰা জিলা আৰক্ষীৰ বৃহৎ সাফল্য ৷ গোপন সুত্ৰৰ পম খেদি জিলাখনৰ দুধনৈৰ ফফলত অভিযান চলাই আৰক্ষীয়ে ধন আৰু নিচাযুক্ত য়াভা টেবলেটৰ সৈতে আটক কৰিলে মহিলা সহিতে চাৰিজনক ৷ জানো আহক কেনেকৈ চুবুৰীয়া ৰাজ্যৰ পৰা কঢ়িয়াই অনা হৈছিল এই টেবলেট ৷

গোৱালপাৰা, 21 আগষ্ট : নিচাযুক্ত দ্ৰব্যৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গোৱালপাৰা জিলা আৰক্ষীৰ বৃহৎ সাফল্য ৷ গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে জিলাখনৰ দুধনৈৰ ফফলত চলালে এক অন্যতম সফল অভিযান ৷ এই অভিযানত প্ৰায় ৫০ হাজাৰ নিচাযুক্ত য়াভা টেবলেট(yava tablet)ৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগদ ১৯ লাখ টকা ৷ ইতিমধ্যে মহিলা সহ আৰক্ষীৰ জালত পৰিল চাৰিজনকৈ নিচাযুক্ত টেবলেটৰ ক্ৰেতা আৰু বিক্ৰেতা ( traders of illegal intoxicating element) ৷

গোৱালপাৰা আৰক্ষীৰ দ্বাৰা ইতিমধ্যে জব্দ কৰা হৈছে অভিযুক্তই ব্যৱহাৰ কৰা দুখন বলেৰ’ গাড়ী (Bolero car)। জব্দকৰা বাহন দুখনৰ নম্বৰ এম এন ০৩ পি ৪৮২০ আৰু এ এছ ০১ ডি পি ৪৮৬৭ বুলি জানিব পৰা গৈছে ৷ ইয়াৰে জব্দকৃত এম এন ০৩ পি ৪৮২০ নম্বৰৰ বলেৰ’ গাড়ীখনৰে গুৱাহাটী হৈ মনিপুৰৰ পৰা সৰবৰাহকাৰীয়ে কঢ়িয়াই আনিছিল ৫০ হাজাৰ য়াভা নামৰ নিচাযুক্ত টেবলেট ।

মনিপুৰ-মেঘালয়ৰ পৰা আহি আৰক্ষীৰ জালত পৰিল য়াভা টেবলেটৰ ক্ৰেতা-বিক্ৰেতা

আনহাতে, এ এছ ০১ ডিপি ৪৮৬৭ নম্বৰৰ বলেৰ’ খনত উদ্ধাৰ কৰা হয় 19 লাখকৈ টকা ।

মেঘালয়ৰ ফুলবাৰীৰ পৰা ১৯ লাখ টকা লৈ টেবলটে খিনি ক্ৰয় কৰিবলৈ অসমলৈ আহিছিল চাৰিজনকৈ ক্ৰেতা ৷ অৱশ্যে আৰক্ষীৰ এই অভিযানত বাকী কেইজন আটক হ’লেও ইয়াৰে এজনে পলায়ন কৰিবলৈ সক্ষম হয় । গোৱালপাৰা জিলাৰ ডি এছ পি অনুৰাগ শৰ্মাৰ নেতৃত্বত এই অভিযান চলিছিল বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ ড্ৰাগছ তথা নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি চলাই থকা তীব্ৰতৰ অভিযানত অতি সক্ৰিয় যোগদান আগবঢ়াইছে আৰক্ষীয়ে ৷ ইতিমধ্যে ড্ৰাগছ বিৰোধী কেইবাটাও সফল অভিযান চলাইছে জিলাখনৰ আৰক্ষীয়ে ৷ ইয়াৰ ভিতৰত বিশেষকৈ বিগত মাহত এটা ঘৰৰ ভিতৰতে সুৰংগ তৈয়াৰ কৰি অপৰাধীয়ে চলাই থকা ড্ৰাগছৰ মিনি ফেক্টৰী( mini drugs factory) উৎখাৎ কৰি গোৱালপাৰা আৰক্ষী(Goalpara police)য়ে সমগ্ৰ ৰাজ্যৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : তালিবানক সমৰ্থন কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.