ETV Bharat / state

Lakhimpur Road Accident: লখিমপুৰত ট্ৰেক্টৰ বলেৰ’ বাহনৰ সংঘৰ্ষ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 9:44 AM IST

নিশা লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 6 জনকৈ লোক গুৰুতৰভাৱে আহত ৷ লখিমপুৰ জিলাৰ কুলাবালিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা ৷

Lakhimpur Road Accident
লখিমপুৰত ট্ৰেক্টৰ আৰু বলেৰ বাহনৰ সংঘৰ্ষ

লখিমপুৰত ট্ৰেক্টৰ আৰু বলেৰ বাহনৰ সংঘৰ্ষ

লখিমপুৰ, 11 ছেপ্টেম্বৰ : নিশা লখিমপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুখন বাহনৰ মাজত সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে ৷ ফলত 6 জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷ ঘটনা অনুসৰি লখিমপুৰ জিলাৰ কুলাবালিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত AR 09 C 832 নম্বৰৰ বলেৰ’ বাহন আৰু AS 07 BC 5031 নম্বৰৰ টেক্টৰৰ সৈতে সংঘৰ্ষ হয় ৷

উল্লেখ্য যে, ধেমাজি দিশৰ পৰা আহি থকা বলেৰ’ বাহনখনৰ আগত আচম্বিতে কোনো ধৰণৰ সংকেত নিদিয়াকৈ ট্ৰেক্টৰখন বেলেগ দিশলৈ ঘুৰাই দিয়ে ৷ ফলত বলেৰ’খনে ট্ৰেক্টৰখনত খুন্দা মাৰে ৷ পথ দুৰ্ঘটনাটো ইটা ভৰ্তি টেক্টৰখন 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ লগতে বলেৰ’খন পথৰ কাষত বাগৰি পৰে ।

ইফালে দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ বাহনখনত থকা 4 জন যাত্ৰী আহত হয় ৷ আহত আটাইকেইজন লখিমপুৰৰ বধাকৰা অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷ তদুপৰিও টেক্টৰখনত থকা চালকসহ দুজন আঘাতপ্ৰাপ্ত হয় ৷ নিশাৰ ভাগতে ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত আটাইকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

স্থানীয় ৰাইজৰ মতে, ট্ৰেক্টৰখনত কোনো সংকেতৰ লাইট ব্যৱহাৰ কৰা নাছিল । সংকেত লাইট ব্যৱহাৰ নকৰাকৈ ট্ৰেক্টৰখনে বেলেগ এটা দিশলৈ ঘুৰাই দিয়াৰ ফলত পাচৰ পৰা অহা বলেৰ’ বাহনখনে খুন্দা মাৰে ৷ কাৰণ ট্ৰেক্টৰখন কোন দিশে গৈ আছে একো গম পোৱা নাছিল বলেৰ’খনৰ চালকে ৷ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । ইফালে আহত সকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Mission against drugs : লখিমপুৰ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিলে ড্ৰাগছ সৰবৰাহকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.