ETV Bharat / state

লখিমপুৰতো লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা: বহু ঠাইত নিচিহ্ন হৈছে ৰাজ্যৰ সীমা

author img

By

Published : Aug 2, 2021, 7:52 PM IST

অসম-মিজোৰাম সীমান্তত 26 জুলাইত মিজো আৰক্ষী আৰু দুৰ্বৃত্তই অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ৷ এই ঘটনাত ছয়গৰাকী অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে 70 জনৰো অধিক লোক আহত হৈছিল । এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ অসমৰ সীমান্তৱৰ্তী আন আন জিলাতো এনে ঘটনা সংঘটিত হোৱাৰ আশংকাই বিৰাজ কৰিছে ৷

Tension on Assam, Arunachal border eases
লখিমপুৰতো লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি আশংকা: বহু ঠাইত নিচিহ্ন হৈছে ৰাজ্যৰ সীমা

লখিমপুৰ, ২ আগষ্ট : লখিমপুৰতো সংঘটিত হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি । লখিমপুৰ জিলাৰ পাঁচখনকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন (Arunachal Enforcement)ৰ বাবে বৃদ্ধি পাইছে এই সম্ভাৱনা । লখিমপুৰৰ দুলুং, ৰঙা, পাভ, কদম আৰু কাকৈ বনাঞ্চলৰ প্ৰায় ৪,৮৫০ হেক্টৰ মাটিত অৰুণাচলীৰ বেদখল হোৱাৰ বাবে এতিয়া জটিল ৰূপত আছে সীমা সমস্যা । একাংশ স্থানীয় লোকেও উক্ত ভূমিত বেদখল কৰিছে যদিও গৰিষ্ঠ সংখ্যক ভূমি বে-দখল কৰিছে অৰুণাচলে ।

উল্লেখ্য যে, দুলুঙৰ ৯,৯০০ হেক্টৰ মাটিকালিৰ ভিতৰত ৮৫০ হেক্টৰ, কাকৈৰ ৪,৪১৫ হেক্টৰ মাটিকালিৰ ৪০০ হেক্টৰ, পাভৰ ৪,৬২৬ হেক্টৰ মাটিকালিৰ ২,৫৫০ হেক্টৰ আৰু ৰঙা বনাঞ্চলৰ ৮,৫২৯ হেক্টৰ মাটিকালিৰ ১ হেজাৰ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত আছে । আনহাতে কদম বনাঞ্চলৰ ৩,৬২৫ হেক্টৰ মাটিৰ বৰ্তমান নিচিহ্ন হৈ পৰিছে । এই বেদখলৰ কবলত পৰা মাটিৰ সিংহভাগেই আছে অৰুণাচলৰ কৱলত ।

Tension on Assam, Arunachal border eases
লখিমপুৰতো লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি আশংকা: বহু ঠাইত নিচিহ্ন হৈছে ৰাজ্যৰ সীমা

অৰুণাচলীৰ বেদখলৰ বাবেই এতিয়া বহু ঠাইত চিন-মোকাম নোহোৱা হৈ পৰিছে দুয়ো ৰাজ্যৰ সীমা । পূৰ্বৰ সীমাৰ পৰা অসম ভূমিৰ বহু ভিতৰলৈকে অৰুণাচলী সোমাই আহি দখল কৰি আছে । প্ৰতিখন ৰাজ্য চৰকাৰে কেৱল স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়েই সময়বোৰ পাৰ কৰি গ’ল ।

লখিমপুৰতো লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা: বহু ঠাইত নিচিহ্ন হৈছে ৰাজ্যৰ সীমা

স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দি চৰকাৰে সীমা সমস্যা সমাধানত গা-এৰা দিলে যদিও অৰুণাচলে অসম চৰকাৰৰ নিস্পৃহ ভূমিকাৰ সুযোগ লৈ বেদখল চলাই গ’ল । জিলা প্ৰশাসনে মাজে সময়ে এনে বেদখলৰ বিৰুদ্ধে পদক্ষেপ ল’ব বিচাৰিলেও চৰকাৰৰ নিৰ্লিপ্ততাত বেদখলকাৰীয়ে উৎসাহিত হৈ ফেপেৰি পাতিহে ধৰে ।

লগতে পঢ়ক : অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

লখিমপুৰতো কিছু বছৰৰ পূৰ্বে লাইলাপুৰ কাণ্ডৰ সূচনা হৈছিল । দুলু বনাঞ্চলত থকা অসমৰ সশস্ত্ৰ বনৰক্ষীৰ শিবিৰ এটা চৌদিশৰ পৰা ঘেৰা কৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই গুলীচালনা কৰিছিল । গুলীৰে প্ৰত্যুত্তৰ দিছিল অসমৰ জোৱানেও । ওৰে নিশা দুয়োপক্ষৰ গুলীৰ গৰ্জনত কপিছিল বনাঞ্চলখন ।

অৱশ্যে এই ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণহানি নহ’ল জোৱানসকলৰ । এই ঘটনাই ৰাজ্যখনক জোকাৰি গৈছিল যদিও চৰকাৰে কিন্ত কোনো শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । যাৰ বাবে সীমান্তৰ অসম ভূমিত অৰুণাচলীৰ আগ্ৰাসন, নিৰ্মাণ কাৰ্য, বাগিচা আদি স্থাপন কৰাৰ উপৰিও সীমান্তবাসী অত্যাচাৰৰ সন্মুখীন হৈ আহিছে । এনেবোৰ ঘটনাৰ ফলত বিপাঙত পৰা জিলা প্ৰশাসনে চৰকাৰৰ সঁহাৰি নোপোৱাৰ বাবে বহু ক্ষেত্ৰত উচ্ছেদ চলাবলৈ গৈও থমকি ৰ’ব লগা হয় ।

মইনাজুলিত অসমৰ ভূমিত অৰুনাচলে স্থাপন কৰা এখন চেক গেট উচ্ছেদ কৰিবলৈ গৈ কেইবছৰমানৰ পূৰ্বে সংকটত পৰিছিল স্থানীয় জিলা প্ৰশাসন । অৰুণাচল আৰক্ষীয়ে যুদ্ধং দেহি স্থিতিৰে বাধা দিছিল অসমক । এইলৈ পৰৱৰ্তী সময়ত জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ ওপৰত গোচৰ তৰিছিল অৰুণাচলৰ প্ৰশাসনে । সীমা সমস্যা, বনাঞ্চলৰ বেদখল ৰোধ নকৰিলে লখিমপুৰতো অদূৰ ভবিষ্যতে লাইলাপুৰ কাণ্ডৰ যে পুনৰাবৃত্তি নঘটিব তাক নুই কৰিব নোৱাৰি ৷

লগতে পঢ়ক : বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.